সুস্থিৰ বৈশ্বিক শৃংখলা স্থাপনৰ বাবে আত্মনিৰ্ভৰ ভাৰত লোৱা হৈছেঃ মোদী

মোদীয়ে কয় যে দীৰ্ঘকাল ধৰি দেশৰ প্ৰতিৰক্ষা খণ্ডত বিদেশী বিনিয়োগৰ অনুমোদন দিয়া হোৱা নাছিল।
সুস্থিৰ বৈশ্বিক শৃংখলা স্থাপনৰ বাবে আত্মনিৰ্ভৰ ভাৰত লোৱা হৈছেঃ মোদী

ক'ৰ'না মহামাৰীয়ে জোঁকাৰি পেলোৱা বিশ্বৰ অৰ্থনীতিত একপ্ৰকাৰ চাকনৈয়াৰ সৃষ্টি হৈছে। এই চাকনৈয়াই বিশ্বৰ শৃংখলাকে সলনি কৰাৰ উপক্ৰম ঘটিছে। বৈশ্বিক শৃংখলা ধৰি ৰখাৰ স্বাৰ্থতে আত্মনিৰ্ভৰ ভাৰত আঁচনি লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। উল্লেখ্য যে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থনীতিক পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে এক ২০ লাখ কোটি টকীয়া আঁচনি লৈ আত্মনিৰ্ভৰ ভাৰতৰ আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনি সম্পৰ্কত মোদীয়ে বৃহস্পতিবাৰে কয় যে আত্মনিৰ্ভৰ ভাৰত কেৱল দেশৰ আভ্যন্তৰীণ দিশৰ সৈতে জড়িত নহয়।

এই আঁচনিৰ জৰিয়তে বৈশ্বিক শৃংখলা স্থাপনৰ চেষ্টা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে এই আঁচনিয়ে বিশ্বৰ অৰ্থনীতিকো শক্তিশালী, সুস্থিৰ আৰু বিশ্বত শান্তি স্থাপনত সহায় কৰিব। ভাৰতে বন্ধু দেশসমূহক প্ৰতিৰক্ষা প্ৰযুক্তি যোগান ধৰিবলৈ সক্ষম হব বুলিও মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে ভাৰত মহাসাগৰীয় অঞ্চলত সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হ'ব ।

ভাৰতীয় উদ্যোগ আৰু বাণিজ্যিক মহাসংঘ, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সামৰিক পৰিক্ৰমা বিভাগে আত্মনিৰ্ভৰ ভাৰত সম্পৰ্কীয় বিষয়ত যুটীয়াভাবে আয়োজন কৰা এক ৱেৱিনাৰত ভাষণ দি মোদীয়ে এনে মন্তব্য কৰে । তেওঁ লগতে বিদেশী বিনিয়োগকাৰীসকলক আশ্বস্ত কৰিও বক্তব্য আগবঢ়ায়। মোদীয়ে কয় যে দীৰ্ঘকাল ধৰি দেশৰ প্ৰতিৰক্ষা খণ্ডত বিদেশী বিনিয়োগৰ অনুমোদন দিয়া হোৱা নাছিল। কিন্তু তেওঁৰ চৰকাৰে প্ৰতিৰক্ষা খণ্ডত ৭৪ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ(এফ ডি আই)-ৰ ব্যৱস্থা কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com