কোৱাৰেন্টিনৰ নীতি উলংঘনকৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হ'ব – স্বাস্থ্য মন্ত্ৰী

কোৱাৰেন্টিনৰ নীতি উলংঘনকৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হ'ব – স্বাস্থ্য মন্ত্ৰী

কোৱাৰেন্টিনৰ নীতি উলংঘনকৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হ'ব – স্বাস্থ্য মন্ত্ৰী

ৰাজ্যত তীব্ৰ হাৰত বৃদ্ধি পাইছে ক'ৰ'না মহামাৰীত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। লগে লগে বৃদ্ধি পাইছে কোৱাৰেন্টিনৰ নীতি-নিৰ্দেশনা উলংঘা কৰা ব্যক্তিৰ সংখ্যা । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কোৱাৰেন্টিনৰ নিয়ম উলংঘাকাৰী ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে যিসকল ব্যক্তিয়ে কোৱাৰেন্টিনৰ নিয়ম উলংঘা কৰে সেইসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩০৭ ৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰা হ'ব । তদুপৰি এই ধাৰাৰ অধীনত তেওঁলোকে জামিন লাভ নকৰে । তেওঁ কয় যে এই ধাৰাৰ অধীনত কমেও ১০ বছৰ কাৰাদণ্ড হ'ব ।

তেওঁ লগতে কয়, '' বাহিৰৰ পৰা আহি ৰাজ্যত প্ৰৱেশ কৰা লোক সকলৰ বাবে পৰ্যাপ্ত কোৱাৰেন্টিনৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ প্ৰয়াস এৰা নাই । তেওঁলোকক কোৱাৰেন্টিনত ৰখা হৈছে, যাতে তেওঁলোকৰ পৰা এই ভাইৰাছ নিজৰ পৰিয়াল অথবা সমাজৰ অন্য ব্যক্তিলৈ নিবিয়পে । এই নীতি-নিৰ্দেশনাসমূহ ভংগ কৰা ব্যক্তি সকল পৰিয়ালৰ লগতে বহুতৰ জীৱনৰ বাবেও ভাবুকি আনিব । আমি এনেকুৱা হ'ব দিব নোৱাৰো আৰু তাৰ বাবে নিৰ্মম হ'বই লাগিব'' ।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই আৰু কয় যে ৰাজ্যত ক'ৰ'না আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে যদিও প্ৰায় সংখ্যক লোক কোৱাৰেন্টিনতে আছে । যাৰ বাবে এই ভাইৰাছ সমাজত বিয়পাৰ সম্ভাৱনা কম ।

কিন্তু স্বাস্থ্য বিভাগৰ এক সূত্ৰই কয় যে কামৰূপ (মহানগৰ) আৰু ৰাজ্যৰ আন কোৱাৰেন্টিনৰ চেন্টাৰ সমূহৰ পৰা ব্যক্তি পলাইন কৰা ঘটনাৰ বাবে এই ভাইৰাছ বিয়পাটো নুই কৰিব নোৱাৰি ।

লগতে কয় যে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে কোৱাৰেন্টিনৰ নিয়মসমূহ উলংঘন কৰি আহিছে , যি সকল ট্ৰেইন বা বাছেৰে অন্য ৰাজ্যৰ পৰা আহিছে । যি সকল হোম কোৱাৰেন্টিনত আছে তেওঁলোক গাঁও অথবা চহৰত মুক্তভাৱে ঘূৰি আছে । অৱশ্যে ইয়াৰে বহু সংখ্যক লোকক আৰক্ষীয়ে আটক কৰি কোৱাৰেন্টিনলৈ নিয়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com