পশ্চিম বংগত ন্যায়পালিকাক প্ৰভাৱান্বিত কৰাৰ চেষ্টা চলিছে

পশ্চিম বংগত সংঘটিত বহু কোটি টকাৰ শিক্ষক নিযুক্তি কেলেংকাৰিৰ ৰায় আৰু পৰ্যবেক্ষণৰ বাবে সমগ্ৰ ২০২২ চনৰ ভিতৰত শিৰোনাম দখল কৰা ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ৰ মন্তব্য
পশ্চিম বংগত ন্যায়পালিকাক প্ৰভাৱান্বিত কৰাৰ চেষ্টা চলিছে
Published on

কলকাতাঃ পশ্চিম বংগত সংঘটিত বহু কোটি টকাৰ শিক্ষক নিযুক্তি কেলেংকাৰিৰ ৰায় আৰু পৰ্যবেক্ষণ কৰাৰ বাবে সমগ্ৰ ২০২২ বৰ্ষৰ সময়ছোৱাত শিৰোনাম দখল কৰা ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে মঙলবাৰে মন্তব্য কৰে যে ৰাজ্যখনৰ ন্যায়পালিকাক আতংকিত কৰাৰ চেষ্টা চলোৱা হৈছে।

কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজশেখৰ মন্থাৰ আদালতৰ বাহিৰত অব্যাহত থকা হুলস্থুল আৰু তেওঁৰ আদালতত সহকৰ্মীক প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি একাংশ অধিবক্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ন্যায়াধীশ গংগোপাধ্যায়ে কয় যে শেহতীয়া পৰিস্থিতি সৃষ্টি উচ্চ ন্যায়ালয়ৰ ইতিহাসত অভূতপূৰ্ব।

"মই যোৱা পাঁচ বছৰ ধৰি কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাম কৰি আহিছো। তাৰ আগতে মই একেখন আদালততে অধিবক্তা হিচাপে প্ৰেকটিছ কৰিছিলোঁ। কিন্তু এনেবোৰ কথা মই কেতিয়াও প্ৰত্যক্ষ কৰা নাই।" বৃহস্পতিবাৰে নিজৰ আদালতৰ বাহিৰত সংবাদ মাধ্যমৰ আগত এইদৰে কয় ন্যায়াধীশ গংগোপাধ্যায়ে।

কিন্তু এই হুলস্থুলৰ বাবে কোনো বিশেষ ৰাজনৈতিক দলৰ নাম উল্লেখ কৰিবলৈ তেওঁ অস্বীকাৰ কৰে। সোমবাৰে পুৱা দক্ষিণ কলকাতাৰ ন্যায়াধীশ মন্থাৰ বাসগৃহৰ সমীপৰ পৰা উদ্ধাৰ হোৱা ন্যায়াধীশ মন্থাক তীব্ৰ সমালোচনা কৰা পোষ্টাৰ সন্দৰ্ভতো তীব্ৰ সমালোচনা কৰি কয় যে ইয়াৰ বাবে দায়ীসকলক অনুসৰণ কৰি শাস্তি প্ৰদান কৰা উচিত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com