বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয়ঃ শিক্ষা মন্ত্ৰী শৰ্মা

প্ৰথমটো ভাগৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱা ৯ বজাৰ পৰা ১২বজালৈ আৰু দ্বিতীয়টো ভাগৰ ছাত্ৰ-ছাত্ৰীয়ে ১-ৰ পৰা ৪-লৈ শিক্ষাগ্ৰহণ কৰিব ৷
বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয়ঃ শিক্ষা মন্ত্ৰী শৰ্মা

পুনৰ মুকলিৰ পাছত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয় ৷ তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে পিতৃ-মাতৃ বা অভিভাৱক-অভিভাৱিকাৰ লিখিত অনুমতি লৈহে বিদ্যালয়লৈ আহিব পাৰিব৷ এই মন্তব্য শিক্ষা তথা স্বাস্থ্য মন্ত্ৰৱ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে অহা ২১ছেপ্টেম্বৰৰ পৰা কেতবোৰ নীতি-নিয়মাৱলীৰ মাজেৰে পুনৰ বিদ্যালয় মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শুকুৰবাৰে এই সংক্ৰান্তীয় ব্যৱস্থাৱলী (এছ অ' পি) চৰকাৰে প্ৰকাশ কৰে ৷ তৎসত্বেও মন্ত্ৰী শৰ্মাই কয় যে বিদ্যালয় পুনৰ মুকলিৰ পাছত ছাত্ৰ-ছাত্ৰীৰ বাধ্যতামূলক নহ'ব ৷ একেদৰে এটা দিনত এখন বিদ্যালয়ত মুঠ শিক্ষক-শিক্ষয়িত্ৰীৰ ৫০শতাংশহে উপস্থিত থাকিব পাৰিব ৷

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ক'ৰ'না পৰীক্ষা বাধ্যতামূলক বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই আৰু কয়, " নিতৌ আমি ১০শতাংশ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ ক'ৰ'না পৰীক্ষা কৰাম ৷ যদি কোনো এখন বিদ্যালয়ত অধিক ক'ৰ'না পজিটিভ ধৰা পৰে, তেন্তে সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষই বিদ্যালয়ত পাঠদান অব্যাহত ৰখা-নৰখা সম্পৰ্কত সংশ্লিষ্ট জিলা উপায়ুক্তৰে আলোচনা কৰি সিদ্ধান্ত ল'ব ৷ আৰম্ভণীতে অনানুষ্ঠানিকভাবে পাঠদান আৰম্ভ হ'ব ৷ ক'ৰ'নাজনিত পৰিস্থিতি মূল্যায়নৰ পাছতহে আনুষ্ঠানিক পাঠদান আৰম্ভ হ'ব ৷"

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এছ অ' পি অনুসৰি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ হ'ব ৷ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান কৰা হ'ব ৷ আনহাতে, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে হ'ব ৷ অৱশ্যে নৱম শ্ৰেণীৰ তলৰ শ্ৰেণীসমূহৰ পাঠদান বন্ধ থাকিব ৷ আনহাতে, পাঠদান হ'বলগীয়া প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক দুটা ভাগত ভাগ কৰি পাঠদান কৰাব লাগিব ৷ যাতে পাঠগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০জনতকৈ কম হয় ৷ ইয়াৰে প্ৰথমটো ভাগৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২বজালৈ শিক্ষা গ্ৰহণ কৰিব ৷ দ্বিতীয়টো ভাগৰ ছাত্ৰ-ছাত্ৰীক ১বজাৰ পৰা ৪ বজালৈ পাঠদান কৰা হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com