ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান ছ্যুকীক চাৰি বছৰৰ কাৰাদণ্ড

আদালতত ছ্যুকীৰ অধিবক্তাই কয় যে যিহেতু নেত্ৰীগৰাকী কাৰাৰুদ্ধ হৈ আছে, গতিকে কাৰাবাসৰ শাস্তি দিব নোৱাৰি।
ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান ছ্যুকীক চাৰি বছৰৰ কাৰাদণ্ড
Published on

ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আং চান ছ্যুকীক এখন আদালতে চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ নেচনেল লীগ ফ'ৰ ডেম'ক্ৰেচী দলৰ নেত্ৰীগৰাকীৰ বিৰুদ্ধে ক'ৰনা ভাইৰাছৰ বাধা-নিষেধ উলংঘা কৰাৰ অভিযোগো জাপি দিয়া হৈছে ৷

উল্লেখ্য যে ছ্যুকীৰ বিৰুদ্ধে ১১ টা গোচৰ ৰুজু কৰিছে ম্যানমাৰৰ সামৰিক জুণ্টা শাসকে। ইয়াৰ প্ৰতিটো গোচৰত ১০২ বছৰ পৰ্যন্ত শাস্তিৰ বিধান আছে। ৭৬ বছৰীয়া শান্তিৰ নোবেল বঁটাপ্ৰাপক ছ্যুকীৰ বিৰুদ্ধে ক'ৰনা মহামাৰীৰ বাবে আৰোপিত নিষেধাজ্ঞা উলংঘন আৰু এই নিষেধাজ্ঞা উলংঘনৰ বাবে আনক প্ৰৰোচিত কৰাৰ অভিযোগে সামৰিক শাসকে জাপি দিছে। তদুপৰি তেওঁৰ বিৰুদ্ধে ৪টা দুৰ্নীতিৰ গোচৰো ৰুজু কৰা হৈছে। আনহাতে, আদালতত ছ্যুকীৰ অধিবক্তাই কয় যে যিহেতু নেত্ৰীগৰাকী আৰু দেশখনৰ অপসাৰিত ৰাষ্ট্ৰপতি উইন মিণ্ট কাৰাৰুদ্ধ হৈ আছে, গতিকে তেওঁলোকক কাৰাবাসৰ শাস্তি দিব নোৱাৰি। ছ্যুকীৰ বিৰুদ্ধে অবৈধভাবে ৱাকী-টকী ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে। 

ম্যানমাৰৰ সামৰিক শাসকৰ মুখপাত্ৰই কয় যে কিছুসংখ্যক স্থানীয় আৰু বিদেশী মাধ্যমে ভুৱা খবৰ বিয়পাই আছে। ইয়াৰ উদ্দেশ্য দেশখনত অস্থিৰতাৰ সৃষ্টি কৰা। 

উল্লেখ্য যে যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰত ঘটা সামৰিক অভ্যুত্থানৰ পাছৰ পৰা ছ্যুকীক অজ্ঞাত স্থানত ৰাখিছে সামৰিক শাসকে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com