প্ৰকাশ পালে দেশৰ কনিষ্ঠতম লেখক অয়ন গগৈৰ দ্বিতীয়খন গ্ৰন্থ

আজিও বিশ্বৰ পাঠক সমাজত বিপুল সমাদৃত অয়নৰ 'হনিকম্ব'৷
প্ৰকাশ পালে দেশৰ কনিষ্ঠতম লেখক অয়ন গগৈৰ দ্বিতীয়খন গ্ৰন্থ
Published on

প্ৰকাশ পালে দেশৰ কনিষ্ঠতম লেখক তথা অসমৰ লখিমপুৰৰ সন্তান অয়ন গগৈ গোহাঁইৰ দ্বিতীয়খন গ্ৰন্থ। শিশুটিৰ এই গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে মধ্য প্ৰদেশৰ সংকল্প শীৰ্ষক প্ৰকাশন প্ৰতিষ্ঠানে। ভিন্ন বিষয়বস্তুক সামৰি লিখা এই গ্ৰন্থৰ নাম বাম্বল বী। ইংৰাজী ভাষাত লিখিত এই গ্ৰন্থত মুঠ ২২ টা প্ৰৱন্ধ সন্নিৱিষ্ট হৈছে।উল্লেখ্য যে মাত্ৰ চাৰি বছৰ বয়সতে গ্ৰন্থ ৰচনা কৰি অয়নে বিশ্বৰ পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অতি প্ৰতিভাশালী শিশুটিয়ে ৪ বছৰ বয়সতে লিখা তথা তেওঁৰ জীৱনৰ প্ৰথমখন গ্ৰন্থৰ নাম 'হনিকম্ব'। গ্ৰন্থখন প্ৰকাশ কৰে দিল্লীৰ অথৰ প্ৰেছে। গ্ৰন্থখন প্ৰকাশ হোৱাৰ পাছতে তেওঁ ভাৰতৰ কনিষ্ঠতম লেখকৰ স্বীকৃতি লাভ কৰে৷ আজিও বিশ্বৰ পাঠক সমাজত বিপুল সমাদৃত অয়নৰ 'হনিকম্ব'৷

উল্লেখ্য যে কম্পিউটাৰত ইনষ্টল কৰা এটা বিশেষ এপৰ সহায়ত তীব্ৰ অনুসন্ধিৎসু আৰু সৃজনশীল মনৰ অধিকাৰী অয়নে ৰচনা কৰে হনিকম্ব' নামৰ গ্ৰন্থখন৷ মনে ভবা কথাবোৰ কৈ যোৱাৰ লগে লগে বিশেষ এপটোৱে স্ক্ৰীণত টাইপ কৰি যায়৷ এনেদৰে তেওঁ লিখি উলিয়ালে 'হনিকম্ব'৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com