বাঘজান তৈল ক্ষেত্ৰৰ অগ্নি-নিৰ্বাপনত বিঘিনীঃ বাগৰি পৰিল যন্ত্ৰ

উক্ত তৈলখাদৰ অগ্নি নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা অন্তিম সঁজুলিসমূহৰ অন্যতম আছিল এই BOP।
বাঘজান তৈল ক্ষেত্ৰৰ অগ্নি-নিৰ্বাপনত বিঘিনীঃ বাগৰি পৰিল যন্ত্ৰ
Published on: 

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈলক্ষেত্ৰৰ পাঁচ নম্বৰ খাদত সূত্ৰপাত ঘটা জুই নুমুৱাওঁতে বিঘিনী ঘটিল । এই ভয়াবহ অগ্নিকাণ্ড নিৰ্বাপনত ব্যৱহাৰ কৰি যন্ত্ৰটো আজি বাগৰি পৰে। প্ৰাপ্ত তথ্য অনুসৰি বিস্ফোৰণ প্ৰতিৰোধক বা blowout preventer (BOP) নামৰ প্ৰায় তিনি টন ওজনৰ যন্ত্ৰটো আজি হঠাতে বাগৰি পৰে। প্ৰাপ্ত তথ্য অনুসৰি আথলে ৱাগন শীৰ্ষক হাইড্ৰোলিক লিফট ব্যৱহাৰ কৰি থকা অৱস্থাত যন্ত্ৰটো বাগৰি পৰে। ফলত অগ্নি নিৰ্বাপনত বিঘিনী জন্মে। ইয়াৰ কাৰণ উদ্ধাৰৰ উদ্দেশ্যে তদন্ত অব্যাহত আছে। উল্লেখ্য যে উক্ত তৈলখাদৰ অগ্নি নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা অন্তিম সঁজুলিসমূহৰ অন্যতম আছিল এই BOP। এই তৈল খাদত যোৱা ২৭ মে' আৰু ৯ জুনত দুবাৰ ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com