বেংক অৱ বৰোদাৰ গুৱাহাটীৰ ভঙাগড় শাখাক কণ্টেইনমেণ্ট মণ্ডল ঘোষণা

বেংক অৱ বৰোদাৰ গুৱাহাটীৰ ভঙাগড় শাখাক কণ্টেইনমেণ্ট মণ্ডল ঘোষণা

ইয়াৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা লোৱা বুলি প্ৰশাসনে সকীয়াই দিছে।
Published on

ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বেংক অৱ বৰোদাৰ গুৱাহাটীৰ ভঙাগড় শাখাক কামৰূপ(মহানগৰ) জিলা প্ৰশাসনে কণ্টেইনমেণ্ট মণ্ডল বা জ'নৰূপে ঘোষণা কৰিছে।

এই সংক্ৰান্তীয় এক নিৰ্দেশনাত কামৰূপ(মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে কয় যে আজিৰ পৰা উক্ত শাখা বেংকক কণ্টেইনমেণ্ট মণ্ডল ঘোষণা কৰা হৈছে। ক'ৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা লোৱা বুলি প্ৰশাসনে সকীয়াই দিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com