ক'ৰ'নাৰ ৰম্যপুৰীত পৰিণত বশিষ্ট আৰক্ষী থানা !

তেওঁ কয় যে ক’ৰ’নাত আক্ৰান্ত থানাখনৰ ১১ বিষয়া-কনিষ্টবলৰ তিনিজন আৰোগ্য হৈছে।
ক'ৰ'নাৰ ৰম্যপুৰীত পৰিণত বশিষ্ট আৰক্ষী থানা !

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ একপ্ৰকাৰ ৰম্যপুৰীত পৰিণত হৈছে মহানগৰীৰ বশিষ্ট আৰক্ষী থানা। কাৰণ ক'ৰ'না পজিটিভ হৈছে থানাখনত নিয়োজিত ইজনৰ পাছত সিজন আৰক্ষী। এই সম্পৰ্কত বশিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি দাস বাঘৰিয়ে দ্যা ছেণ্টিনেল ডিজিটেলক কয় যে চলিত মাহৰ আৰম্ভণিৰ পৰা থানাখনত নিয়োজিত আৰক্ষী ক'ৰ'নাত আক্ৰান্ত হ'বলৈ ধৰে। ভাৰপ্ৰাপ্ত বিষয়া বাঘৰিও ক'ৰ'না পজিটিভ হৈছে। ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো ইজনৰ পাছত সিজন আৰক্ষীৰ লোক এই মহামাৰীত আক্ৰান্ত হয় বুলি তেওঁ জনায়।

আজিলৈকে ১১ জন আৰক্ষী বিষয়া-কৰ্মচাৰী ক'ৰ'নাত আক্ৰান্ত হৈছে। তেওঁ লগতে জনায় যে থানাখনত ছেনিটাইজেচনৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ক'ৰ'নাত আক্ৰান্ত থানাখনৰ ১১ বিষয়া-কনিষ্টবলৰ তিনিজন আৰোগ্য হৈছে। এই মহামাৰী প্ৰতিৰোধৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও বাঘৰিয়ে জানিবলৈ দিয়ে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com