ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধঃ বেলতলা বজাৰ সাময়িকভাবে বন্ধৰ জাননী প্ৰশাসনৰ

ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধঃ বেলতলা বজাৰ সাময়িকভাবে বন্ধৰ জাননী প্ৰশাসনৰ

কামৰূপ মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ অন্যতম পুৰণি বেলতলা বজাৰ সাময়িকবাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে।
Published on

গুৱাহাটী মহানগৰীত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ অন্যতম পুৰণি বেলতলা বজাৰ সাময়িকবাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰাৰ উদ্দেশ্য হৈছে জন সমাগম হ্ৰাস কৰা। উল্লেখ্য যে গুৱাহাটীত ক'ৰ'নাৰ গণ সংক্ৰমণৰ আশংকাও প্ৰকট হৈছে। কাৰণ ভ্ৰমণ ইতিহাস নথকা বহুকেইজন লোক এই মহামাৰীত আক্ৰান্ত হৈছে। তদুপৰি ক'ৰ'নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে মহানগৰীৰ ১১টা ৱাৰ্ডৰ কেতবোৰ অঞ্চলত পুনৰ সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিছে। সম্প্ৰতি প্ৰশাসনে বেলতলাৰ সাপ্তাহিক আৰু দৈনিক বজাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে বজাৰখন বন্ধ থাকিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com