শুক্ৰবাৰে দিল্লীত অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নীক

চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকাৰ শুক্ৰবাৰে দিল্লীত সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া।
শুক্ৰবাৰে দিল্লীত অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নীক

সমগ্ৰ দেশকে শোকত স্তব্ধ কৰি দিলে এটা খবৰে। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ,২০২১ তাৰিখটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটে আকস্মিকভাৱে মৃত্যুক সাৱটি ললে । চিডিএছ ৰাৱট হঠাতে চিৰদিনলৈ হেৰাই গ'ল এই দুৰ্ঘটনাটোত।

ৰাৱাটে কইম্বাটুৰৰ ওচৰৰ চুলুৰত থকা ভাৰতীয় বায়ু সেনা ঘাটিৰ পৰা ৱেলিংটনৰ প্ৰতিৰক্ষা কৰ্মচাৰী মহাবিদ্যালয়লৈ যাত্ৰা কৰি আছিল যেতিয়া ভাৰতীয় বায়ু সেনাৰ এমআই-১৭ভি৫ হেলিকপ্টাৰখন কুনুৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অন্তিম শ্ৰদ্ধা জনোৱাৰ অনুমতি দিয়া হ'ব। কামৰাজ মাৰ্গৰ পৰা দিল্লী কেণ্টনমেণ্টৰ ব্ৰাৰ স্কোৱেৰ শ্মশানলৈ এটা অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰা আৰম্ভ হ'ব।

শোকাৱহ দুৰ্ঘটনাটোত চিডিএছ জেনেৰেল ৰাৱাট, তেওঁৰ পত্নী আৰু ১১ জন সশস্ত্ৰ বাহিনীৰ জোৱান নিহত হয়।

ভাৰতীয় বায়ু সেনাই (আইএএফ) এই শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱাট, তেওঁৰ পত্নী আৰু আন ১১ জনৰ মৃত্যু নিশ্চিত কৰিছে। আইএএফে টুইট কৰি কয়, "গভীৰ দুখৰ সৈতে, এতিয়া নিশ্চিত কৰা হৈছে যে দুৰ্ভাগ্যজনক দুৰ্ঘটনাটোত জেনেৰেল বিপিন ৰাৱাট, শ্ৰীমতী মধুলিকা ৰাৱাট আৰু বিমানত থকা আন ১১ জন লোকৰ মৃত্যু হৈছে।"

আইএএফে জনাইছে যে ওচৰৰ কইম্বাটুৰৰ চুলুৰ আইএএফ ষ্টেচনৰ পৰা উৰা মাৰিথকা এমআই-১৭ভিএইচ হেলিকপ্টাৰ সম্পৰ্কীয় দুৰ্ঘটনাটোৰ তদন্ত কৰিবলৈ আদালতক নিৰ্দেশ দিয়া হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com