বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কামাখ্যা প্ৰসাদ তাছা ৰাজ্য সভালৈ নিৰ্বাচিত

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কামাখ্যা প্ৰসাদ তাছা ৰাজ্য সভালৈ নিৰ্বাচিত
Published on

শুকুৰবাৰে অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা ৰাজ্য সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় । অসমৰ ৰাজ্য সভাৰ দুখন আসনৰ বাবে ৭ জুনত নিৰ্বাচন অনুষ্ঠিত হব । দুখন আসনৰ বাবে দুজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে নিৰ্বাচনৰ প্ৰয়োজন নহয় । প্ৰত্যাহাৰৰ অন্তিম দিনা ৰিটাৰনিং অফিচাৰে বৈশ্য আৰু তাছাক ৰাজ্য সভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ।

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ইতিমধ্যে ৰাজ্য সভালৈ নিৰ্বাচিত হোৱাৰ প্ৰমাণ পত্ৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,অগপৰ সভাপতি অতুল বৰা, অগপৰ কাৰ্য্যবাহী সভাপতি কেশৱ মহন্ত আৰু আন সকলৰ উপস্থিতিত ৰিটাৰনিং অফিচাৰে প্ৰদান কৰে । বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে প্ৰকাশ কৰে যে ৰাজ্য সভাত অসমৰ সমস্যা সমূহ উত্থাপন কৰিব ।

বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য সভাৰ সাংসদ আছিল । কামাখ্যা প্ৰসাদ তাছা ২০১৪ চনত লোকসভাৰ সাংসদ আছিল । ২০১৯ চনত বিজেপিয়ে কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থীত্ব প্ৰদান নকৰে । দলে ৰাজ্যসভাত তেওঁক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতে বিনা প্ৰতিদন্দ্বিতাৰে নিৰ্বাচিত হয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com