ক'ৰ'নাত আক্ৰান্ত হ'ল কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰ-বিতু সোণোৱাল

আটাইকেইজনক নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী আন্দোলন প্ৰবল হোৱাৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ক'ৰ'নাত আক্ৰান্ত হ'ল কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰ-বিতু সোণোৱাল

ক'ৰ'নাত আক্ৰান্ত হ'ল কাৰাবন্দী ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল। প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ধৈৰ্য আৰু বিতুক বুধবাৰে নিশা পাণবজাৰৰ এটা শিবিৰলৈ অনা হয়। দুয়োজনৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।উল্লেখ্য যে শেহতীয়াভাবে কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবী প্ৰবল হৈ উঠিছে।অনেক লোকে ফে'চবুকত অখিলৰ মুক্তিৰ দাবী তুলি সৰৱ হৈ উঠিছে। এনে অৱস্থাতে তেওঁৰ দুজন কাৰাবন্দী সতীৰ্থ ক'ৰ'নাত আক্ৰান্ত হোৱাটোৱে তাতপৰ্য বহন কৰিছে।আটাইকেইজনক নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী আন্দোলন প্ৰবল হোৱাৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁলোকক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-লৈ হস্তান্তৰ কৰা হয়।অখিলক অত্যন্ত কঠোৰ বে-আইনী কাৰ্যকলাপবিৰোধী(UAPA)আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com