মানুহক সন্ধিয়া মাছ-মাংস নাখাবলৈ বিজেপি বিধায়ক অতুল বৰাৰ আহ্বান

বিধায়কজনৰ মতে, মিঠাতেল মানুহৰ স্বাস্থ্যৰ পক্ষে অপকাৰী আৰু মিঠাতেল ভেজালো ৷
মানুহক সন্ধিয়া মাছ-মাংস নাখাবলৈ বিজেপি বিধায়ক অতুল বৰাৰ আহ্বান

সন্ধিয়াৰ সময়ত মানুহক মাছ-মাংস নাখাবলৈ আহ্বান জনাইছে দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাই ৷ তেওঁ লগতে মিঠাতেল খোৱাৰ পৰা মানুহক পাৰ্যমানে বিৰত থাকিবলৈও আহ্বান জনাইছে। বিধায়কজনৰ মতে, মিঠাতেল মানুহৰ স্বাস্থ্যৰ পক্ষে অপকাৰী আৰু মিঠাতেল ভেজালো ৷ গতিকে মানুহে মিঠাতেল খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ বিধায়ক বৰাই লগতে কয় যে মানুহে নৈ-বিল আদিৰহে মাছ খাব লাগে, পুখুৰীত পোহা মাছ খাব নালাগে ৷ " মানুহে নৈ-বিল আদিৰহে মাছ খাব লাগে ৷ পুখুৰীত পোহা মাছ খাব নালাগে ৷ বহুতে সোনকালে মাছ ডাঙৰ হ'বলৈ কিবাকিবি দিয়ে ৷ এনে মাছ অপকাৰী," বিধায়ক বৰাই এইদৰে কয় ৷

উল্লেখ্য যে বিধায়ক বৰাই মিঠাতেলৰ দাম যাতে হ্ৰাস পায়, তাৰ বাবে মানুহক কমকৈ মিঠাতেল খাবলৈ কিছুদিন পূৰ্বে উপদেশ দিছিল ৷ ইয়াক লৈ বহুজনে বিধায়ক বৰাক সমৰলোচনা কৰে ৷ তৎস্বত্বেও তেওঁ মিঠাতেলক লৈ নিজ স্থিতিত অটল আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com