বি এছ এন এলৰ কৰ্মীবৃন্দক বিশ্বাসঘাটক আখ্যা বিজেপি সাংসদৰ

বি এছ এন এলৰ কৰ্মীবৃন্দক বিশ্বাসঘাটক আখ্যা বিজেপি সাংসদৰ

ভাষণত তেওঁ লগতে কয় যে বি এছ এন এলৰ ৮৮ হেজাৰৰো অধিক কৰ্মচাৰী বিশ্বাসঘাটক।
Published on

সংকটত জৰ্জৰিত দেশৰ ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কৰ্মচাৰীবৃন্দক বিশ্বাসঘাটক আখ্যা দি তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটালে এজন বিজেপি সাংসদে। প্ৰাপ্ত তথ্য অনুসৰি কৰ্ণাটকৰ বিজেপি সাংসদ অনন্ত কুমাৰ হেগড়েই এখন ৰাজহুৱা সভাত ভাষণ দি কয় যে বিশ্বাসঘাটকৰে বি এছ এন এল ভৰি আছে। যোৱা ১০ আগষ্টত উত্তৰা কান্নাড়াত এখন ৰাজহুৱা সভাত বিজেপি সাংসদজনে এই বিতৰ্কিত মন্তব্য কৰে।

ভাষণত তেওঁ লগতে কয় যে বি এছ এন এলৰ ৮৮ হেজাৰৰো অধিক কৰ্মচাৰী বিশ্বাসঘাটক। এই কৰ্মচাৰীসকলে প্ৰতিষ্ঠানখনৰ উন্নতি সাধনৰ উদ্দেশ্যে কাম নকৰে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। তেওঁ আৰু কয় যে বি এছ এন এলৰ এই কৰ্মচাৰীসকলক চৰকাৰে চাকৰিৰ পৰা অব্যাহতি দিব আৰু প্ৰতিষ্ঠানটোৰ ব্যক্তিগতকৰণ কৰিব। সাংসদজনৰ এই বিতৰ্কিত ভাষণ সম্বলিত এটা ভি ডি অ সামাজিক মাধ্যমত কোনো লোকে আপলোড কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com