অইল ইণ্ডিয়াৰ তিনিচুকীয়াৰ বাঘজান তৈল ক্ষেত্ৰত ভয়ানক অগ্নিকাণ্ড, শতাধিকক স্থানান্তৰ

অগ্নিকাণ্ডৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অইল ইণ্ডিয়া কৰ্তৃপক্ষই স্থানীয় লোকক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰে ৷
অইল ইণ্ডিয়াৰ তিনিচুকীয়াৰ বাঘজান তৈল ক্ষেত্ৰত ভয়ানক অগ্নিকাণ্ড, শতাধিকক স্থানান্তৰ

অইল ইণ্ডিয়াৰ তিনিচুকীয়াৰ বাঘজান তৈল ক্ষেত্ৰত ভয়ানক অগ্নিকাণ্ড

আজি পুৱা ১০-৩০মান বজাত হঠাতে অইল ইণ্ডিয়াৰ তিনিচুকীয়াৰ বাঘজান তৈল ক্ষেত্ৰত ভয়ানক অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। দপদপাই জ্বলি উঠা এই জুইৰ শিখা দূৰৈৰ পৰাই দেখা যায় । এই বিধ্বংসী অগ্নিকাণ্ডই মুহূৰ্তৰ ভিতৰতে অঞ্চলটোৰ চৌদিশে তীব্ৰ আতংকৰ সৃষ্টি কৰে ৷ অগ্নিকাণ্ডৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অইল ইণ্ডিয়া কৰ্তৃপক্ষই ততাতৈয়াকৈ স্থানীয় লোকক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰে ৷ এই জুইৰ প্ৰকোপ বৃদ্ধি কৰে খাদৰ পৰা নিগৰিত দাহ্য গেছে ৷ আনহাতে, ঘটনাৰ খবৰ পাই অগ্নি-নিৰ্বাপক বাহিনীৰ বহুসংখ্যক বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা কৰে ৷ ঘটনা সম্পৰ্কত অইল ইণ্ডিয়া লিমিটেডে এক বিবৃতিত কয়, " এই জুই নুমুওৱাৰ বাবে ঘটনাস্থলীলৈ অগ্নি-নিৰ্বাপক বাহিনীৰ কৰ্মী প্ৰেৰণকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ তদুপৰি অ' এন জি চিৰ নাজিৰাৰ কাৰ্যালয়ৰ পৰা সংকট মোচনকাৰী (crisis management team) প্ৰেৰণৰ ব্যৱস্থাও কৰা হয় ৷" বিবৃতিটোত লগতে কোৱা হয় যে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে তৈল খাদৰ ৩,৭২৯মিটাৰ অভ্যন্তৰত ৷ এই তৈল খাদৰ পৰা পূৰ্বে ৩, ৮৭০ কিউবিক মিটাৰ গেছ উৎপাদন কৰা হৈছিল । ইতিমধ্যে ঘটনাস্থলীত অইল ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com