দুৰ্ঘটনাত মৃত্যু বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ

দুৰ্ঘটনাত মৃত্যু বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ

তেওঁ নিজে গাড়ী চলাই আহিছিল। এখন দলঙৰ ৰেলিঙত তেওঁৰ গাড়ীয়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত তেওঁৰ থিতাতে মৃত্যু হয়।
Published on

ক'ৰ'নাবিৰোধী যুঁজ চলি থকাৰ সময়তে এক শোকাবহ খবৰ আহিছে। এক দুৰ্ঘটনাত প্ৰাণহানি ঘটিছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰত্নেশ্বৰ দাসৰ। প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা জাগীৰোডত সংঘটিত এক দুৰ্ঘটনাত ভাৰপ্ৰাপ্ত বিষয়া দাসৰ মৃত্যু হয়।

নগাঁৱৰ পৰা বকো অভিমুখে চৰকাৰী কামত যাত্ৰা কৰি থকাৰ সময়ত দাস জাগীৰোডত দুৰ্ঘটনাগ্ৰস্ত হয়। তেওঁ নিজে গাড়ী চলাই আহিছিল। এখন দলঙৰ ৰেলিঙত তেওঁৰ গাড়ীয়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত তেওঁৰ থিতাতে মৃত্যু হয়। দাসৰ গাড়ীখনৰ নম্বৰ AS-01-Y-6312 আছিল। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com