২৯ ডিচেম্বৰৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব অসম গ্ৰন্থ মেলা
অহা ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অসম গ্ৰন্থ মেলা। ক'ৱিড-১৯ মহামাৰীজনিত পৰিস্থিতিৰ বাবে এইবাৰ অসম প্ৰকাশন পৰিষদ আৰু উত্তৰ-পূব গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এইবাৰ যৌথভাবে গ্ৰন্থমেলাৰ আয়োজন কৰিছে। সেয়েহে এই গ্ৰন্থমেলাৰ নাম অসম গ্ৰন্থমেলা ৰখা হৈছে। উল্লেখ্য যে যোৱা দুটা বছৰত অসমত গ্ৰন্থমেলা আয়োজন বাধাগ্ৰস্ত হয়। প্ৰথমে বাধাৰ সৃষ্টি কৰে নাগৰিকত্ব (সংশোধনী) আইনবিৰোধী প্ৰতিবাদে আৰু পাছত ক'ৱিড-১৯ মহামাৰীয়ে। ইয়ে লেখক, প্ৰকাশক আৰু পঢ়ুৱৈৰো বিস্তৰ ক্ষতিসাধন কৰে।
আগন্তুক অসম গ্ৰন্থমেলা সম্পৰ্কে আজি অধিক তথ্য সদৰী কৰি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে আগন্তক অসম গ্ৰন্থমেলাৰ বাবে এখন ১৪ জনীয়া সমিতি গঠন কৰা হৈছে। গ্ৰন্থমেলাত অংশগ্ৰহণৰ বাবে বহুসংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰকাশন কোম্পানীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে বাংলাদেশৰ ১১ টা প্ৰকাশন গোষ্ঠীয়ে ইতিবাচক সঁহাৰি দিছে। কলিতাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে গ্ৰন্থমেলা আয়োজনৰ ধাৰণা আগবঢ়ায়। গ্ৰন্থমেলাৰ অংশস্বৰূপে আলোচনা চক্ৰ আদিৰো আয়োজন কৰা হব। এই সম্পৰ্কত ডঃ ননী গোপাল মহন্তয়ো বক্তব্য আগবঢ়ায়।
আৰু পঢ়িব পাৰেঃ আজিৰে পৰা বাইক আৰোহীৰ বাবে প্ৰযোজ্য হ'ল নতুন নিয়ম

