অসমৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনঃ আটাইকেইটাতে বিজেপি মিত্ৰজোঁটৰ জয়লাভ

অসমৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনঃ আটাইকেইটাতে বিজেপি মিত্ৰজোঁটৰ জয়লাভ

অসমৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত আটাইকেইটা বিজেপি মিত্ৰজোঁট তথা এন ডি এ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ থাওৰা, মৰিয়নি আৰু ভৱানীপুৰত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে গোসাঁইগাঁও আৰু তামুলপুৰত মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ ঘোষিত ফলাফল অনুসৰি থাওৰাত সুশান্ত বৰগোহাঁইয়ে ৩০,৫৬১.টা ভোটৰ ব্যৱধানত আৰু মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে ৪০, ১০৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৷ আনহাতে, ভৱানীপুৰত ফণীধৰ তালুকদাৰে ২৫, ৬৪১ টা ভোটৰ ব্যৱধানত জয়ী হৈছে। উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা আৰু ফণীধৰ তালুকদাৰে এ আই ইউ ডি এফৰ পৰা বিজেপি গমন কৰে। 

ইপিনে, এন ডি এৰ অংশীদাৰ তথা বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে গোসাঁইগাঁৱত ২৫, ২৫২ টা ভোটৰ ব্যৱধানত  জয়লাভ কৰে। একেদৰে তামুলপুৰত ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰী জয়ী হয়। 

বিজয়ী প্ৰাৰ্থীকেইগৰাকীলৈ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত জনতাই ৰখা আস্থা পুনৰ প্ৰমাণিত হ'ল।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com