অহা বছৰৰ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সৰু গাড়ীৰ দাম

কেৱল মাৰুতি ছুজুকীয়েই নহয়, মাৰ্চিডিজ বেঞ্জেও গাড়ীৰ দাম বৃদ্ধিৰ আঁচনি লৈছে। অডিয়েও গাড়ীৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰিছে।
অহা বছৰৰ জানুৱাৰীৰ পৰা বৃদ্ধি পাব সৰু গাড়ীৰ দাম
Published on

নতুন বছৰত গাড়ী ক্ৰয়ৰ পৰিকল্পনা কৰাসকলৰ বাবে এক হতাশাজনক খবৰ। কাৰণ অহা বছৰ বৃদ্ধি পাব বিভিন্ন কোম্পানীৰ গাড়ীৰ দাম। ২০২২ৰ জানুৱাৰীৰ পৰা বৃদ্ধি পাব মাৰুতি ছুজুকীৰ গাড়ীৰ দাম ৷ যন্ত্ৰাংশৰ মূল্যবৃদ্ধিক দোহাই কোম্পানীটোৱে গাড়ীৰ দাম বৃদ্ধিৰ আঁচনি লৈছে ৷  প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি উত্পাদন কৰা গাডীৰ মডেল অনুসৰি দাম বৃদ্ধি পাব। লক্ষ্যণীয় যে কেৱল মাৰুতি ছুজুকীয়েই নহয়, মাৰ্চিডিজ বেঞ্জেও ইয়াৰ গাড়ীৰ দাম বৃদ্ধিৰ আঁচনি লৈছে। একেদৰে অডিয়েও গাড়ীৰ ৩ শতাংশ দাম বৃদ্ধিৰ কথা ঘোষণা কৰিছে। 

মাৰুতি ছুজুকীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ পৰা গাড়ী উত্পাদনৰ ব্যয় বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠানটোৱে গাড়ীৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লবলগীয়া হৈছে। গতিকে অতিৰিক্ত ব্যয় ই গ্ৰাহকৰ পৰা সংগ্ৰহৰ লক্ষ্য লৈছে। 

উল্লেখ্য যে ছেপ্টেম্বৰতো মাৰুতি ছুজুকীয়ে গাড়ীৰ দাম বৃদ্ধি কৰে। একেকোবে ২২ হেজাৰ টকা পৰ্যন্ত গাড়ীৰ দাম বৃদ্ধি কৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com