জম্মু-কাশ্মীৰৰ পৰা সুৰক্ষা বাহিনীৰ এশটা কোম্পানী প্ৰত্যাহাৰৰ যো-জা

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীসমূহৰ এটা কোম্পানীত এশজন জোৱান থাকে।
জম্মু-কাশ্মীৰৰ পৰা সুৰক্ষা বাহিনীৰ এশটা কোম্পানী প্ৰত্যাহাৰৰ যো-জা

অশান্তজৰ্জৰ জম্ম-কাশ্মীৰৰ পৰা অৰ্ধ-সামৰিক বাহিনীৰ এশটা কোম্পানী প্ৰত্যাহাৰৰ যো-জা চলাইছে কেন্দ্ৰই। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে কেন্দ্ৰই এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। কেন্দ্ৰই লোৱা সিদ্ধান্ত অনুসৰি জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ এশটা কোম্পানী তথা ১০ হেজাৰ জোৱান প্ৰত্যাহাৰ কৰা হ'ব।

উল্লেখ্য যে যোৱা বছৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সময়ত বিপুল সংখ্যক সুৰক্ষা বাহিনী জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰে কেন্দ্ৰই।কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীসমূহৰ এটা কোম্পানীত এশজন জোৱান থাকে।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com