নিলম্বিত ডি আই জি ৰৌণাক আলী হাজৰিকাৰ বিৰুদ্ধে অভিযোগনামা দাখিল

আয়ৰ সৈতে সামঞ্জস্যবিহীন সম্পত্তিৰ অধিকাৰী হোৱাৰ গোচৰত হাজৰিকাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে হাজৰিকাক গ্ৰেপ্তাৰ কৰে।
নিলম্বিত ডি আই জি ৰৌণাক আলী হাজৰিকাৰ বিৰুদ্ধে অভিযোগনামা দাখিল
Published on

দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ উপ-মহা পৰিদৰ্শক (ডি আই জি) ৰৌণাক আলী হাজৰিকাৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰিছে ৷ ১৫৬ পৃষ্ঠাৰ এই অভিযোগনামাত হাজৰিকাৰ পত্নী নুছৰত ৰৌণাক হাজৰিকাৰো নাম আছে ৷ ইতিমধ্যে জ্যেষ্ঠ আৰক্ষী বিষয়াজনৰ নিলম্বন কৰা হৈছে। আয়ৰ সৈতে সামঞ্জস্যবিহীন সম্পত্তিৰ অধিকাৰী হোৱাৰ গোচৰত হাজৰিকাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে হাজৰিকাক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পূৰ্বে তেওঁ বিভাগক অৱগত নকৰাকৈ বহু বাৰ বিদেশ ভ্ৰমণ কৰে। ইয়াৰ বাবে প্ৰয়োজনীয় ধন তেওঁ ক'ত পালে, তাৰ তদন্তও মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অব্যাহত ৰাখিছে। আজি হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত ফৰিদ আলী নামৰ এজন লোকৰ নামো অন্তৰ্ভুক্ত হৈছে।   তেওঁ কন্যাৰ সৈতে বহু বেংক একাউণ্টৰ জৰিয়তে ধনৰ বহু লেনদেন কৰাৰ তথ্য উদ্ধাৰ হৈছে। 

প্ৰাপ্ত তথ্য অনুসৰি হাজৰিকাৰ আয়ৰ সৈতে সামঞ্জস্য নথকা সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ গুণৰো অধিক। তেওঁ সন্তানৰ শিক্ষাৰ নামত ১, ৭৪, ১২, ৯৭৪ কোটি টকা ব্য কৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com