অ-সাৱধানীক সকীয়নীঃ আৰু এক তলাবন্ধৰ ইংগিত মুখ্য সচিবৰ

তেওঁ অভিযোগ কৰে যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক হাৰত ক’ৰ’না প্ৰতিৰোধৰ বিধি সাধাৰণ লোকে উলংঘা কৰি আহিছে৷
অ-সাৱধানীক সকীয়নীঃ আৰু এক তলাবন্ধৰ ইংগিত মুখ্য সচিবৰ

ঘৰৰ বাহিৰত বা ৰাজহুৱা স্থানত চলন-ফুৰণৰ ক্ষেত্ৰত ক'ৰ'না প্ৰতিৰোধৰ বিধি মানি নচলিলে আৰু এক তলাবন্ধ বা ল'কডাউন অৱধাৰিত হৈ পৰিব বুলি সাৱধান বাণী শুনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷ সকলোকে ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বিধি যেনে ৰাজহুৱা স্থানত মাস্ক পৰিধান, সামাজিক দূৰত্ব বৰ্তাই ৰখা আদি মানি চলিবলৈ মুখ্য সচিবে আহ্বান জনাইছে ৷ অন্যথা পুনৰ ল'কডাউন অৱধাৰিত হৈ পৰিব বুলি তেওঁ সকীয়াই দিছে৷

আজি মুখ্য সচিব সঞ্জয় কৃষ্ণই কয়, " সকলোৱে ক'ৰ'না প্ৰতিৰোধৰ নীতি-নিয়ম আখৰে আখৰে মানি চলক। অন্যথা সংক্ৰমণ বৃদ্ধি পাই থাকিব ৷ এনে অৱস্থাত পুনৰ ল'কডাউন আৰোপৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিকল্প নাথাকিব। অৱশ্যে আমি এনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পক্ষপাতী নহয়। কিন্তু উপায়ান্তৰ হ'লে তাকে কৰিব লাগিব। " মানুহে কিয় মাস্ক পৰিধান ত্যাগ কৰিবলৈ লৈছে, সেয়া তেওঁৰ বোধগম্য নহয় বুলিও মুখ্য সচিবে খেদ প্ৰকাশ কৰিছে ৷ তেওঁ অভিযোগ কৰে যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপক হাৰত ক'ৰ'না প্ৰতিৰোধৰ বিধি সাধাৰণ লোকে উলংঘা কৰি আহিছে৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com