পৰীক্ষাগাৰত ক'ৰ'না ভাইৰাছ তৈয়াৰ কৰিছিল চীনেঃ ডাঃ লাই-মেং য়ান

চীনে পৰীক্ষাগাৰত ক'ৰ'না ভাইৰাছ সৃষ্টি কৰাৰ তথ্য-প্ৰমাণো ৰাজহুৱা কৰিব বুলি বিজ্ঞানীগৰাকীৰয়ে সদৰী কৰে।
পৰীক্ষাগাৰত  ক'ৰ'না ভাইৰাছ তৈয়াৰ কৰিছিল চীনেঃ ডাঃ লাই-মেং য়ান

বিশ্বজুৰি হাহাকাৰ ধ্বনি তোলা ক'ৰ'না ভাইৰাছ চীনে পৰীক্ষাগাৰত তৈয়াৰ কৰা বুলি ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ একাংশ বিজ্ঞানীয়ে অভিযোগ কৰিছে ৷ সম্প্ৰতি এই বিতৰ্কক নতুন ৰূপ দিলে চীনৰ এগৰাকী মহিলা বিজ্ঞানীয়ে ৷ নিৰাপত্তাজনিত কাৰণত আত্মগোপণ কৰি থকা ডাঃ লাই-মেং য়ান নামৰ ভাইৰাছবিদগৰাকীয়ে কয় যে চীনে পৰীক্ষাগাৰত মহামাৰী সৃষ্টিকাৰী এই ভাইৰাছৰ সৃষ্টি কৰে ৷ পূৰ্বে তেৱোঁ ক'ৱিড-১৯ক লৈ পৰীক্ষা-নিৰীক্ষাত জড়িত আছিল বুলি ভাইৰাছবিদ ডাঃ য়ানে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে কিছুমাহ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ক'ৰ'না ভাইৰাছক চীনা ভাইৰাছ বুলি আখ্যা দিছিল ৷ যোৱা শুকুৰবাৰে "লুজ উইমেন" শীৰ্ষক টেলিভিচন সাক্ষাৎকাৰত বিজ্ঞানীগৰাকীয়ে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে ৷ কিছুমাহ পূৰ্বে তেওঁ হংকঙৰ পৰা পলায়ন কৰে ৷ সম্প্ৰতি তেওঁ আত্মগোপণ কৰি আছে ৷ চীনে পৰীক্ষাগাৰত ক'ৰ'না ভাইৰাছ সৃষ্টি কৰাৰ তথ্য-প্ৰমাণো ৰাজহুৱা কৰিব বুলি বিজ্ঞানীগৰাকীৰয়ে সদৰী কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com