চকছিয়ে মোৰ লগত ফ্লাৰ্ট কৰিছিলঃ ৰহস্যময়ী বাৰবাৰা

এই হীৰাৰ ব্ৰেচলেট আৰু পাছত চকছিৰ পৰা উপহাৰ পোৱা আঙুঠি ভেজাল বুলি তেওঁ জানিব পাৰে।
চকছিয়ে মোৰ লগত ফ্লাৰ্ট কৰিছিলঃ ৰহস্যময়ী বাৰবাৰা

"চকছিয়ে মোৰ লগত ফ্লাৰ্ট কৰিছিল", এই মন্তব্য ৰহস্যময়ী বাৰবাৰা জাৰাবিকাৰ। উল্লেখ্য যে পাঞ্জাৱ নেচনেল বেংকক কেইবা হেজাৰ কোটি টকা প্ৰৱঞ্চনা কৰি ভাগিনীয়েক নীৰৱ মোদীৰ সৈতে কিছু বছৰ পূৰ্বে ভাৰতৰ পৰা পলায়ন কৰা কোটিপতি হীৰা ব্যৱসায়ী মেহুল চকছি অলপতে ডমিনিকাত জালত পৰে। ডমিনিকাৰ এগৰাকী মহিলাই তেওঁক কৌশলেৰে ডমিনিকা আৰক্ষীক গতাই দিয়া বুলি চৰ্চিত হৈ আছে। এই মহিলাগৰাকীৰ নাম হৈছে বাৰবাৰা জাৰাবিকাৰ। এটা ভাৰতীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাতকাৰত বাৰবাৰাই কয় যে যোৱা বছৰ তেওঁ এণ্টিগুৱা ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁ বিবাহিত চকছিক লগ পায়। সেই সাক্ষাতৰ সময়ত চকছিয়ে তেওঁৰ পৰিচয় ৰাজ নামেৰে দিছিল বুলি মহিলাগৰাকীয়ে কয়।

" মোক তেওঁৰ নাম ৰাজ বুলি কৈছিল। মই তেওঁৰ বান্ধৱী আছিলো। পাছলৈ তেওঁ মোৰ সৈতে ফ্লাৰ্ট কৰিবলৈ লয়। তেওঁ মোক হীৰাৰ আঙুঠি আৰু ব্ৰেচলেট উপহাৰ দিছিল যদিও পাছত সেই হীৰা ভেজাল বুলি প্ৰমাণিত হয়", বাৰবাৰাই এইদৰেও কয় ।

আনহাতে, চকচিৰ পৰিয়ালৰ লোকে তেওঁক এণ্টিগুৱাৰ পৰা ডমিনিকালৈ বাৰবাৰাৰ সহযোগত কোনো লোকে অপহৰণ কৰি নিয়া বুলি অভিযোগ কৰি আহিছে। অৱশ্যে এই চকছিৰ অপহৰণত জড়িত থকাৰ অভিযোগ নাকচ কৰি বাৰবাৰাই কয়, " মোক তেওঁৰ অপহৰণৰ সৈতে অযথা সাঙোৰা হৈছে। মেহুল চকছিৰ অধিবক্তা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে মোক অযথা তেওঁৰ অপহৰণৰ সৈতে সাঙুৰিছে। ইয়াক লৈ মই আৰু মোৰ পৰিয়াল মানসিক যাতনাৰ মাজত আছো।"

বাৰবাৰাই লগতে কয় যে প্ৰথমাৱস্থাত তেওঁৰ সৈতে চকছিয়ে বন্ধুত্বসুলভ সম্পৰ্ক ধৰি ৰাখিছিল। পৰৱৰ্তী সময়ত তেওঁ সলনি হয় আৰু বাৰবাৰাৰ অবৈধ প্ৰেম বা ফ্লাৰ্ট কৰিবলৈ লয়। বাৰবাৰাই এইবুলিও  কয় যে যোৱা বছৰৰ এপ্ৰিলত তেওঁৰ সৈতে চকছিয়ে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে আৰু পৰৱৰ্তী সময়ত তেওঁক হীৰাৰ এডাল ব্ৰেচলেট উপহাৰ দিয়াৰ লগতে তেওঁক অন্তৰৰ সংগী আখ্যা দিছিল। অলপতে এই হীৰাৰ ব্ৰেচলেট আৰু পাছত চকছিৰ পৰা উপহাৰ পোৱা আঙুঠি ভেজাল বুলি তেওঁ জানিব পাৰে। উল্লেখ্য যে ভাৰত চৰকাৰে চকছিক দেশলৈ উভতাই অনাৰ চেষ্টা কৰি আছে। পলাতক প্ৰৱঞ্চকজন জালত পৰাৰ পাছত তেওঁক কেন্দ্ৰ কৰি ভাৰতত চৰ্চা হৈ আছে। ইপিনে. চকছিয়ে নিজকে আইন মানি চলা ব্যক্তি বুলি কিছুদিন পূৰ্বে ডমিনিকাৰ আদালতত জনায়। অবৈধভাবে দেশখনত প্ৰৱেশ কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com