৩১ জুলাইৰ পাছত খোল খাব নেকি জিম-চিত্ৰগৃহ!

ইয়াকৈ লৈ আশাবাদী হৈ উঠিছে দ্য মাল্টিপ্লেক্স এছোচিয়েচন অৱ ইণ্ডিয়া নামৰ সংস্থাটো।
৩১ জুলাইৰ পাছত খোল খাব নেকি জিম-চিত্ৰগৃহ!
Published on: 

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ তলাখোলাৰ দ্বিতীয়টো পৰ্যায় (আনলক-২.০) অহা ৩১ জুলাইত অন্ত পৰিব। তাৰ পাছতে আৰম্ভ হব আনলক ৩.০। ইয়াকে লৈ বিভিন্নজনৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে। এই আনলক২.০-ৰ পাছত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা চিত্ৰগৃহসমূহ আৰু জিমসমূহ খোল খাব নেকি? এনে প্ৰশ্নই বহুতৰে মনত ভুমুকি মাৰিছে। অৱশ্যে এই কথা নিশ্চিত হোৱা নাই। ততসত্বেও এটা কথা নিশ্চিত যে অহা ৩১ জুলাইৰ পাছত তলাবন্ধৰ ক্ষেত্ৰত কেতবোৰ শিথিলতা ঘোষণাৰ সম্ভাৱনা আছে। লক্ষ্যণীয় যে ইতিমধ্যে চৰ্তসাপেক্ষে দেশত খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠান, আতিথ্য খণ্ডৰ কাম-কাজ তথা ভ্ৰমণ উদ্যোগ মুকলি কৰা হৈছে।

সেয়েহে অহা ৩১ জুলাইৰ পাছত চিত্ৰগহ পুনৰ মুকলিৰ অনুমতি দিব নেকি বুলি চৰ্চা তুংগত উঠিছে। ইয়াকৈ লৈ আশাবাদী হৈ উঠিছে দ্য মাল্টিপ্লেক্স এছোচিয়েচন অৱ ইণ্ডিয়া নামৰ সংস্থাটো। সংস্থাটোৱে আশা প্ৰকাশ কৰে যে আনলক ২.০-ৰ পাছত কেন্দ্ৰীয় চৰকাৰে চিত্ৰগৃহ পুনৰ মুকলিৰ অনুমতি প্ৰদান কৰিব। অৱশ্যে তেনে কৰিলে শীত-তাপ নিয়ন্ত্ৰিত চিত্ৰগৃহসমূহত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ঘটাৰ আশংকা আছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com