ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিঃ গুৱাহাটীত চিটী বাছৰ চলাচল বন্ধৰ আশংকা

চিটীবাছ মালিকসকলে দুজনীয়া আসনসমূহতো এজনহে যাত্ৰীক বহুৱাই সেৱা অব্যাহত ৰাখিছে।
ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিঃ গুৱাহাটীত চিটী বাছৰ চলাচল বন্ধৰ আশংকা
Published on

গুৱাহাটীত চিটীবাছৰ চলাচল বন্ধ হোৱাৰ আশংকাই দেখা দিছে। ইন্ধন তথা পেট্ৰ'ল আৰু ৰন্ধন গেছৰ লগতে ডিজেলৰ মূল্যবৃদ্ধিয়ে জটিল সমস্যাৰ গৰ্তলৈ থেলি দিছে চিটী বাছৰ মালিকসকলক। কাৰণ মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ যাতে অধিক ঘটিব নোৱাৰে তাৰ বাবে চিটীবাছসমূহতো সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশ মানি চিটীবাছ মালিকসকলে দুজনীয়া আসনসমূহতো এজনহে যাত্ৰীক বহুৱাই সেৱা অব্যাহত ৰাখিছে। গতিকে চিটীবাছসমূহৰ মুঠ আসনৰ ৫০ সতাংষ যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিছে।

এনে অৱস্থাত লোকচান ভৰিছে চিটীবাছ মালিকসকলে। শেহতীয়াভাবে এই লোকচান অধিক বৃদ্ধি কৰিছে ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে। গতিকে চিটীবাছ মালিকসকলে বাছৰ চলাচল বন্ধ ৰাখিব পাৰে। ইয়াৰ পূৰ্বে এক সমাধান সূত্ৰ উলিয়াবলৈ চৰকাৰক দাবী জনাইছে চিটিবাছ মালিকসকলে। এই দাবী অদিক সবল কৰিবলৈ মহানগৰীৰ আটাইকেইটা চিটীবাছ মালিক সন্থা ঐক্যবদ্ধ হৈছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com