খহনীয়া প্ৰতিৰোধৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতৰে কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী  সোণোৱালৰ

খহনীয়া প্ৰতিৰোধৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতৰে কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

খহনীয়া প্ৰতিৰোধ ব্যৱস্থা যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰাৰ পদক্ষেপ ল’বলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।

খহনীয়া প্ৰতিৰোধৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতৰে কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী  সোণোৱালৰ

ৰাজ্যত নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম ক্ষিপ্ৰতৰে সম্পন্ন কৰিবলৈ জলসসম্পদ বিভাগলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি মুখ্যমন্ত্ৰীয়ে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ দৌলাশাল-লাৰকুছিৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ সমীপৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ বুজ লয়।

মুখ্যমন্ত্ৰীয়ে এই খহনীয়া প্ৰতিৰোধ ব্যৱস্থা যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰাৰ পদক্ষেপ ল'বলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে।

পৰিদৰ্শনস্থলীত উপস্থিত থকা সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে সাম্প্ৰতিক বানত ৰাজ্যৰ বহু ঠাইৰ মথাউৰিত খহনীয়া হৈছে। তদুপৰি ৰাজ্যৰ কেতবোৰ স্থানত নতুনকৈ খহনীয়া আৰম্ভ হৈছে।

যিবোৰ ঠাইত মথাউৰি ভাঙিছে তথা খহনীয়াৰ সৃষ্টি হৈছে সেইবোৰ ঠাইত স্থানীয় বিধায়ক, সাংসদ তথা ৰাইজৰ সহযোগত জলসম্পদ বিভাগক যুদ্ধকালীন ক্ষিপ্ৰতৰে মেৰামতিৰ পদক্ষেপ ল'বলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যিহেতু এটা মথাউৰি সম্পূৰ্ণভাৱে নিৰ্মাণৰ কাম বাৰিযা সম্ভৱ নহয়। গতিকে খহনীয়া প্ৰতিৰোধৰ বাবে বৰ্তমান যিকেইটা পদক্ষেপ কাৰিকৰীভাৱে সম্ভৱ, সেই কেইটাপদক্ষেপ তৎকালীনভাৱে লোৱা হ'ব।

মথাউৰিসমূহ নিৰ্মাণ তথা মেৰামতিৰ বাবে অসম চৰকাৰে সময়মতে নিবিদাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ ফলত দেশজুৰি আৰোপ কৰা ল'কডাউনৰ ফলত সেই কামসমূহ সময়মতে কৰিব পৰা হোৱা নাছিল।

তৎসত্ত্বেও ৰাজ্য চৰকাৰে বিপদ সংকুল মথাউৰিসমূহ মেৰামতিৰ বাবে সিদ্ধান্ত লৈছে।

ৰাজ্যখনে বৰ্তমান ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ, বান-গৰাখহনীয়া, ধুমুহা আৰু আফ্ৰিকান ছু'ৱাইন ফেভাৰৰ লেখীয়া চাৰিটা দুৰ্যোগৰ বিৰুদ্ধে সমানে যুঁজ দিব লগা হৈছে বুলি উল্লেখ কৰি ৰাইজক এই ক্ষেত্ৰত মনোবল অটুট ৰাখি চৰকাৰে লোৱা পদক্ষেপসমূহলৈ সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াই যাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গৰাখহনীয়াৰ বিষয়টো দুৰ্যোগ হিচাপে সন্নিবিষ্ট কৰাৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিঙলৈ ৰাজ্য চৰকাৰে ইতিমধ্যেই প্ৰতিবেদন প্ৰেৰণ কৰিছে। আজি মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনৰ সময়ত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰী, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জলসম্পদ বিভাগৰ বিষয়াকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com