বন বিভাগৰ ৮৪টা পদৰ নিযুক্তি পত্ৰ বিতৰণ সোণোৱালৰ

এই পদসমূহৰ মাজত বনাঞ্চলিক বিষয়া(ৰেঞ্জাৰ) আৰু অনুকম্পামূলক নিযুক্তি লাভ কৰাসকল আছে ৷
বন বিভাগৰ ৮৪টা পদৰ নিযুক্তি পত্ৰ বিতৰণ সোণোৱালৰ

ৰাজ্যিক বন বিভাগৰ ৮৪টা পদৰ আজি নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই পদসমূহৰ মাজত বনাঞ্চলিক বিষয়া(ৰেঞ্জাৰ) আৰু অনুকম্পামূলক নিযুক্তি লাভ কৰাসকল আছে ৷ এই উপলক্ষ্যে আজি আয়োজিত এক অনুষ্ঠানত নিযুক্তিপত্ৰসমূহ বিতৰণ কৰা হয় ৷

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে কয়, " বহু যোগ্য যুৱক-যুৱতী চাকৰিৰ পৰা বঞ্চিত হৈ আছে আৰু নিবনুৱা হৈ আছে ৷ পূৰ্বৰ চৰকাৰৰ অন্তহীন দুৰ্নীতিৰ বাবে এনে হৈছে ৷ আমাৰ চৰকাৰে শাসন লোৱাৰ পাছত প্ৰতিটো চৰকাৰী নিযুক্তি দুৰ্নীতিমুক্ত আৰু স্বচ্ছ হোৱাটো নিশ্চিত কৰে ৷" সোণোৱালে লগতে কয় যে প্ৰকৃতিয়ে উদাৰতাৰে যি দান কৰিছে ৷ নৱনিযুক্তসকলে দক্ষতাৰে সেৱা আগবঢ়াই প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ সোণোৱালে লগতে আত্ম উৎসৰ্গা কৰা আৰক্ষীসকললৈ শ্ৰদ্ধা জনায়। অনুষ্ঠানত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com