মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জি এছ টি সম্পৰ্কীয় বৈঠক

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জি এছ টি সম্পৰ্কীয় বৈঠক

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে ৰাজ্যৰ আৱাসন খণ্ডৰ বিকাশ সাধনৰ কাৰণে বৰ্তমানে থকা বিল্ডিং বাই ল’ খনত যি আসোঁৱাহ আছে,সেয়া দূৰীকৰণৰ কাৰণে সকলো ব্যৱস্থা সংযোজন কৰি এখন সময় সাপেক্ষ বিল্ডিং বাই ল’ ৩১ অক্টোবৰৰ ভিতৰত প্ৰস্তুত কৰিবলৈ গুৱাহাটী উন্নয়ন বিভাগক নিৰ্দেশ দিয়ে। লগতে বিভাগীয় কৰ্তৃপক্ষক নিৰ্মাণ প্ৰক্ৰিয়াৰ গতি বৃদ্ধি কৰাবলৈ আদেশ দিয়ে।

এক সংবাদ বিজ্ঞপ্তি অনুসৰি মুখ্যমন্ত্ৰী সোনহৱালে জনতা ভৱনত জিএচটি সন্দৰ্ভত হোৱা এখন বৈঠকত এই নিৰ্দেশ প্ৰদান কৰে। বিভিন্ন হিতাধিকাৰী সকলৰ পৰামৰ্শ ল’বলৈ আয়োজিত বৈঠকখনত সোনোৱালে বিত্ত বিভাগৰ প্ৰধান সচিবক ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলে যাতে জি এচ টি সম্পৰ্কত সম্যক জ্ঞান লাভ কৰিব পাৰে তাৰ বাবে এখল পুস্তিকা প্ৰকাশ কৰিবলৈ মুখ্যমন্ত্ৰী সোনোৱালে নিৰ্দেশ দিয়ে ৷ লগতে এই পুস্তিকাখন যাতে সকলোৱে বুজি পায় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ কয়।

ৰাজ্যখনৰ অট’ম’বাইল খণ্ডৰ বিকাশ সাধন কৰা আৰু এই খণ্ডত জৰিত থকা লোকসকলক উপকৃত কৰিব পৰাকৈ গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী অঞ্চলত এখন পৰিবহন নগৰ স্থাপনৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ সোনোৱালে নিৰ্দেশ দিয়ে। আনহাতে জি এছ টিৰ পূৰ্বে যিবোৰ পুৰণি গোচৰ আছিল সেই গোচৰ সমূহ ভেটৰ অধীনত অহা ৬ মাহৰ ভিতৰত মীমাংসা কৰাৰ দিশত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। আনহাতে জনতা ভৱনত হোৱা এইবৈঠকখনত ফাইনাৰ,হোটেল উদ্যোগ,ৰিয়েল ইষ্টেট,টেক্স বাৰ এছোচিয়েশ্যন, অ’ট’মোবাইল এছংচিয়েশ্যন,ইলেক্ট্ৰিকমাৰ্চেন্ট এছ’চিয়েশ্যন,আদিৰ প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে।

লগতে এই বৈঠকত সৰ্বানন্দ সোনোৱালৰ আইন উপদেষ্টা শান্তনু ভৰালী,মুখ্য সচিব আলোক কুমাৰ,গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং,বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিন্হা,কৰ বিভাগৰ যুটীয়া আয়ুক্ত আদি বিষয়াসকল উপস্থিত আছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Ambulance Driver-turned- Artist from Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com