প্ৰসিদ্ধ শিল্পী কন্দৰ্প নাথ শৰ্মা-ঝৰ্ণা শইকীয়ালৈ বিষ্ণু ৰাভা বঁটা

প্ৰসিদ্ধ শিল্পী কন্দৰ্প নাথ শৰ্মা-ঝৰ্ণা শইকীয়ালৈ বিষ্ণু ৰাভা বঁটা

অনুষ্ঠানত ৰাজ্যৰ দুগৰাকী বিশিষ্ট শিল্পীক মুখ্যমন্ত্ৰী সোণোৱালে চলিত বৰ্ষৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰদান কৰে
Published on

বৰেণ্য শিল্পী, স্বাধীনতা সংগ্ৰামী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ আজি ৰাভা দিৱসত অগনন অনুৰাগীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰদ্ধাঞ্জলী জনালে ৷ ৰাভা দিৱস উপলক্ষ্যে আজি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলী জনায় ৷ অনুষ্ঠানত ৰাজ্যৰ দুগৰাকী বিশিষ্ট শিল্পীক মুখ্যমন্ত্ৰী সোণোৱালে চলিত বৰ্ষৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰদান কৰে। এই শিল্পী দুগৰাকী হ'ল কন্দৰ্প নাথ শৰ্মা আৰু ঝৰ্ণা শইকীয়া (নৃত্য শিল্পী)৷ সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ স্বীকৃতি স্বৰূপে দুয়োগৰাকীলৈ এই বঁটা আগবঢ়োৱা হয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com