বাঘজান তৈলখাদৰ অগ্নিকাণ্ডঃ নিৰ্বাপনৰ বাবে বায়ুসেনাৰ সহায় বিচাৰিলে সোণোৱালে

তেওঁ বাঘজান তৈল ক্ষেত্ৰৰ জুই নুমুওৱাৰ বাবে বায়ু সেনা নিয়োগ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙক অনুৰোধ জনায় ৷
বাঘজান তৈলখাদৰ অগ্নিকাণ্ডঃ নিৰ্বাপনৰ বাবে বায়ুসেনাৰ সহায় বিচাৰিলে সোণোৱালে

বাঘজান তৈলখাদৰ ভয়াবহ অগ্নিকাণ্ডঃ নিৰ্বাপনৰ বাবে বায়ুসেনাৰ সহায় বিচাৰিলে সোণোৱালে

মূহূৰ্তৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰা তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদত লগা জুই নুমুৱাৰ বাবে ভাৰতীয় বায়ু সেনাৰ সহায় বিচাৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰ এই তৈল ক্ষেত্ৰত পুনৰ সূত্ৰপাত হোৱাৰ খবৰ পোৱাৰ পাছতে সোণোৱালে পৰিস্থিতিৰ বুজ লয় ৷ ইতিমধ্যে এই অগ্নিকাণ্ড কাণ্ড সন্দৰ্ভত পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতেও টেলিফোনতে আলোচনাত মিলিত হয় ৷ তদুপৰি তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও বিষয়টোক লৈ আলোচনাত মিলিত হয় ৷ এই আলোচনাৰ সময়ত তেওঁ বাঘজান তৈল ক্ষেত্ৰৰ জুই নুমুওৱাৰ বাবে বায়ু সেনা নিয়োগ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰী সিঙক অনুৰোধ জনায় ৷ পাছত এই কথা সদৰী কৰি সোণোৱালে সাংবাদিকৰ আগত কয়, " বাঘজানৰ তৈল খাদৰ অগ্নিকাণ্ডৰ বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰিছো ৷ মই তেওঁক এই অগ্নি-নিৰ্বাপনৰ বাবে বায়ু সেনা নিয়োগ কৰিবলৈ অনুৰোধ জনালো ৷" তেওঁ লগতে কয় যে স্থানীয় লোকৰ জীৱনৰ সুৰক্ষাৰ বাবে প্ৰশাসন, আৰক্ষী, সেনা, অৰ্ধ-সামৰিক বাহিনী আদিক প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, এই সমস্যা সমাধানৰ বাবে অহা বিদেশী বিশেষজ্ঞসকলে পৰিস্থিতিৰ বুজ লৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে ৷ 

মুখ্যমন্ত্ৰীয়ে লগতে তিনিচুকীয়া জিলা প্ৰশাসনক স্থানীয় লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে অইল ইণ্ডিয়া নিগমৰ অধীনৰ এই তৈল ক্ষেত্ৰত যোৱা ২৭মে'তো এক বিধ্বংসী অধিকাণ্ডৰ সূত্ৰপাত ঘটিছিল। এই অগ্নিকাণ্ডৰ ফুটেজত জুয়ে ভয়াৱহ ৰূপ লোৱা দেখা গৈছে । ২৭মে'ৰ অগ্নিকাণ্ডৰ ফলত তৈলক্ষেত্ৰখনৰ পৰা প্ৰচুৰ তেল আৰু গেছ নিৰ্গত হয়। আনহাতে, কালি ৮জুনত অইল ইণ্ডিয়া লিমিটেডে এক বিবৃতিত কয় যে তৈলক্ষেত্ৰখনৰ পৰা নিৰ্গত তেল আৰু গেছৰ ফুটা মৰাৰ চেষ্টা কৰা হৈছে ৷ দেশ-বিদেশৰ বিশেষজ্ঞ আহিছে ৷ দুলীয়াজানত অইলৰ এখন বিশেষ সভাও অনুষ্ঠিত হৈছে ৷ ইপিনে, ছিংগাপুৰৰ এটা বিশেষজ্ঞৰ দলো উপস্থিত হয় ৷ এই বিশেষজ্ঞসকল হৈছে ছিংগাপুৰস্থিত মেছাৰ্ছ ডিজেষ্টাৰ কণ্ট্ৰ'লৰ ৷ অইল ইণ্ডিয়াৰ অনুৰোধ মৰ্মে প্ৰতিষ্ঠানখনে প্ৰেৰণ কৰা বিশেষজ্ঞৰ দলটোত আছে মাইকেল আৰ্ণেষ্ট (জ্যেষ্ঠ খাদ বিশেষজ্ঞ), ক্ৰেইগ নেল ডানকান(খাদ নিয়ন্ত্ৰণ অভিযন্তা) আৰু এডৱাৰ্ড হেৰিছ মেকল'ড ( জ্যেষ্ঠ খাদ নিয়ন্ত্ৰণ বিশেষজ্ঞ) ৷ ইতিমধ্যে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াবৰ্গ বিশেষজ্ঞ দলটোৰ সৈতে আলোচনাত মিলিত হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com