শাক-পাচলি, ফলমূলৰ মূল্য নিয়ন্ত্ৰণৰ বাবে সমিতি গঠন সোণোৱালৰ

এই বৈঠকত মহানগৰীত শাক-পাচলিৰ অত্যধিক মূল্যবৃদ্ধিৰ কাৰণ সম্পৰ্কে আলোচিত হয়।
শাক-পাচলি, ফলমূলৰ মূল্য নিয়ন্ত্ৰণৰ বাবে সমিতি গঠন সোণোৱালৰ
Published on

ক'ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে গুৱাহাটীত আৰোপিত তলাবন্ধ বা লক-ডাউনৰ সুযোগ লৈ অসাধু ব্যৱসায়ীয়ে যাতে ফলমূল আৰু শাক-পাচলিৰ অহেতুক মূল্যবৃদ্ধি ঘটাব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ফলমূল আৰু শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন মূল তথা উচ্চস্তৰীয় সমিতি গঠন কৰে। এই কথা সদৰী কৰি এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হয় যে আজি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত শাক-পাচলিৰ ব্যৱসায়ীসকলৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মহানগৰীত শাক-পাচলিৰ অত্যধিক মূল্যবৃদ্ধিৰ কাৰণ সম্পৰ্কে আলোচিত হয়।

পাছত মুখ্যমন্ত্ৰীয়ে কামৰূপ(মহানগৰ) জিলাত শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে বিজ্ঞান—প্ৰযুক্তি, জলসম্পদ আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছীৰ নেতৃত্বত মহানগৰীত তলাবন্ধৰ সময়ছোৱাত শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে এখন সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সমিতিত কামৰূপ মহানগৰৰ উপায়ুক্ত, পৰিবহন আয়ু্ক্ত, মহানগৰ আৰক্ষী আয়ুক্ত, বিপনন বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্যৰূপে ৰখা হ'ব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com