২০২১ৰ বাবে সাজু হ'বলৈ দলীয় কৰ্মীক আহ্বান সোণোৱালৰ

২০২১ৰ বাবে সাজু হ'বলৈ দলীয় কৰ্মীক আহ্বান সোণোৱালৰ

ৰাম মাধৱে দাবী কৰে যে ২০২৪ৰ লোকসভা নিৰ্বাচনেই নহয়, ২০২৯ৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছ ক্ষমতালৈ নাহে ৷

ৰাজ্যত আগন্তুক নিৰ্বাচনী বতাহ অধিক গৰম হৈছে। শাসক-বিৰোধীৰ কুচকাৱাজৰ মাজতে দলীয় কৰ্মীক ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ৰাজ্যিক বিজেপিৰ নৱ গঠিত কাৰ্যবাহী সমিতিৰ এখন সভা শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই সভাত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে দলীয় নেতা-কৰ্মীসকলক আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হ'বলৈ আহ্বান জনায় ৷

সোণোৱালে কয় যে দলৰ মূল উদ্দেশ্য হৈছে অসমক দেশৰ এখন শক্তিশালী ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰা ৷ "ব্ৰিটিছ শাসনৰ সময়ত অসম দেশৰ পঞ্চম শক্তিশালী ৰাজ্য আছিল ৷ কিন্তু কংগ্ৰেছৰ অপশাসনৰ বাবে আমি এই অৱস্থান হেৰুৱাবলগীয়া হ'ল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়িত হৈছে ৷ জনকল্যাণৰ বাবে আমাৰ চৰকাৰে বহু আঁচনি ৰূপায়ন কৰিছে," সোণোৱালে এইদৰে কয়। তেওঁ লগতে দলীয় কৰ্মীসকলক চৰকাৰী আঁচনিসমূহৰ কথা জনতাৰ কৰ্ণগোচৰ কৰিবলৈ আহ্বান জনায়। আনহাতে, সভাত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে দাবী কৰে যে ২০২৪ৰ লোকসভা নিৰ্বাচনেই নহয়, ২০২৯ৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছ ক্ষমতালৈ নাহে ৷ কংগ্ৰেছৰ অৱস্থা অধিক শোচনীয় হৈ গৈ আছে বুলি জ্যেষ্ঠ বিজেপি নেতাজনে মন্তব্য কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com