অসমৰ ২৮হেজাৰৰো অধিক MSMEলৈ বন্ধকী অবিহনে ঋণ

অসমত ৰাজ্যিক জি ডি পিৰ ৩৯শতাংশ উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ পৰা আহে
অসমৰ ২৮হেজাৰৰো অধিক MSMEলৈ বন্ধকী অবিহনে ঋণ
Published on

ৰাজ্যৰ ২৮হেজাৰৰো অধিক MSMEঅৰ্থাৎ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰোআৰু মধ্যমীয়া উদ্যোগ প্ৰতিষ্ঠানলৈ কেন্দ্ৰই বন্ধকী অবিহনে ঋণ আদায়ৰ বাবে ধন মুকলি কৰি দিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰই অসমৰ মুঠ ২৮, ৬৫৪টা MSMEক ঋণ প্ৰদানৰ বাবে ৭৩৮.৪৪কোটি টকা মুকলি কৰি দিছে ৷ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰই বন্ধকী অবিহনে MSMEসমূহক তিনি লাখ কোটি টকাৰ ধণ প্ৰদান কৰিব ৷ ইয়াৰ উদ্দেশ্যে হৈছে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধৰ ফলত দেশৰ অৰ্থনীতিৰ যি ক্ষতি হ'ল, সেয়া পূৰণ কৰা ৷ উল্লেখ্য যে অসমত ৰাজ্যিক জি ডি পিৰ ৩৯শতাংশ উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ পৰা আহে ৷ এই উদ্যোগসমূহে প্ৰত্যক্ষ নিযুক্তি দিয়ে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com