কংগ্ৰেছ-এ আই ইউ ডি এফে বৰাকৰ ১২টা সমষ্টি দখল কৰিবঃ ছিদ্দেক

দুয়োটা দলৰ নেতৃত্বই শিলচৰ, ধলাই আৰু লক্ষীপুৰ সমষ্টিত কেনেকৈ জয়লাভ কৰিব পাৰি তাৰ ৰণকৌশল তৈয়াৰ কৰি আছে বুলিও তেওঁ কয়
কংগ্ৰেছ-এ আই ইউ ডি এফে বৰাকৰ ১২টা সমষ্টি দখল কৰিবঃ ছিদ্দেক

মহামাৰীৰ বিভীষিকাৰ মাজতে ক্ৰমাত্ ৰাজ্যত নিৰ্বাচনী বতাহ গৰম হ'বলৈ ধৰিছে। শাসক-বিৰোধী বিভিন্ন অংকত ব্যস্ত হৈছে। ইতিমধ্যে কংগ্ৰেছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰিবলৈ প্ৰস্তুত হৈ উঠিছে। এনে অৱস্থাতে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দেক আহমেদে দাবী কৰে যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰজোঁটে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত বৰাক উপত্যকাত ১২ টা সমষ্টি দখল কৰিবলৈ সক্ষম হ'ব।

প্ৰাক্তন মন্ত্ৰীজনৰ মতে, কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতৃত্বৰ এই মহাজোঁটে বৰাক উপত্যকাৰ তিনিখন জিলাৰ মুঠ ১৫টা সমষ্টিৰ ১২টাতে জয়লাভ কৰিবলৈ সক্ষম হব। তেওঁ কয় যে মহাজোঁটৰ প্ৰাৰ্থীয়ে কাটিগড়া, বৰখলা, সোণাই, উদাৰবন্দ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, ৰাতাবাৰী আৰু পাথাৰকান্দি সমষ্টিত জয়লাভ কৰিব পাৰিব। আনহাতে, দুয়োটা দলৰ নেতৃত্বই শিলচৰ, ধলাই আৰু লক্ষীপুৰ সমষ্টিত কেনেকৈ জয়লাভ কৰিব পাৰি তাক লৈও ৰণকৌশল তৈয়াৰ কৰি আছে বুলিও তেওঁ সদৰী কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com