শীৰ্ষ বাতৰি
গুৱাহাটীৰ প্ৰাগজ্যোতিষ কমপ্লেক্সৰ অংশক কণ্টেইনমেণ্ট জ'ন ঘোষণা প্ৰশাসনৰ
উপায়ুক্ত পেগুৱে উক্ত হাউছিং কমপ্লেক্সৰ সমগ্ৰ ব্লক এল আৰু বি ছীল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।
গুৱাহাটীৰ আৰু এক স্থান ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত হ'ল। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে জটিলৰূপ ধাৰণ কৰাৰ সময়তে মহানগৰীৰ ঘোঁৰামৰা প্ৰাগজ্যোতিষ কমপ্লেক্সৰ কিছু অংশক আজি বুধবাৰে প্ৰশাসনে কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে। এই কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত স্থান শীঘ্ৰে ছীল কৰিবলৈ কামৰূপ(মহানগৰ) জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে স্থানীয় তথা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিছে। এক নিৰ্দেশনাত উপায়ুক্ত পেগুৱে উক্ত হাউছিং কমপ্লেক্সৰ সমগ্ৰ ব্লক এল আৰু বি ছীল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।সেই অনুসৰি এই কণ্টেইনমেণ্ট জ'নত অ-কৰ্তৃত্বশীল লোকৰ প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ কৰা হৈছে। এনে নিষেধাজ্ঞা উলংঘনকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্তৰ নিৰ্দেশটোত উল্লেখ আছে।
আৰু পঢ়িব পাৰেঃ অসমত আৰু ৫জন ক'ৰ'না আক্ৰান্তৰ মৃত্যু