গুৱাহাটীৰ দুটা স্থানৰ কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰ

ক’ৰ’না ভাইৰাছৰ অধিক সংক্ৰমণ নঘটাৰ পৰিপ্ৰেক্ষিতত স্থান দুটাৰ কণ্টেইনমেণ্টন মণ্ডল প্ৰত্যাহাৰ কৰিছে জিলা প্ৰশাসনে।
গুৱাহাটীৰ দুটা স্থানৰ কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰ

গুৱাহাটীৰ দুটা স্থানৰ কণ্টেইনমেণ্ট জ'ন বা মণ্ডল প্ৰত্যাহাৰ কৰিছে জিলা প্ৰশাসনে। এই দুটা স্থানত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ নঘটাৰ পৰিপ্ৰেক্ষিতত স্থান দুটাৰ কণ্টেইনমেণ্টন মণ্ডল প্ৰত্যাহাৰ কৰিছে জিলা প্ৰশাসনে। কণ্টেইনমেণ্ট মণ্ডলমুক্ত এই দুই স্থান হ'ল ক্ৰমে (১) লখৰা ৰাজ্যিক হাস্পতাল আৰু (২) জয়ানগৰৰ ত্ৰিপুৰা ৰোডস্থিত ছিণ্ডিকেট আৰ্কেডী। উল্লেখ্য যে গুৱাহাটী মহানগৰ ৰাজ্যৰ ভিতৰতে অন্যতম ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰৱণ অঞ্চলৰূপে চিহ্নিত হৈছে।ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৫ জুলাইৰ পৰা ১২ জুলাইলৈকে গুৱাহাটীত সম্পূৰ্ণ তলাবন্ধ আৰোপ কৰিছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com