খোৱাপানী নোপোৱাৰ অভিযোগঃ গুৱাহাটীৰ ঘোৰামৰাৰ কণ্টেইনমেণ্ট জ'নৰ বাসিন্দাৰ
খোৱাপানীৰ অভাৱত ভোগাৰ অভিযোগ উত্থাপন কৰিছে গুৱাহাটীৰ ঘোৰামৰাৰ ক'ৰ'না কণ্টেইনেণ্ট জ'নৰ বাসিন্দাসকলে ৷ উল্লেখ্য যে অঞ্চলটোৰ প্ৰাগজ্যোতিষ হাউছিং ছ'চাইটি কমপ্লেক্সত এজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে ৷ তাৰ পাছতে প্ৰশাসনে কালি উক্ত স্থানক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে ৷ ক'ৰ'না আক্ৰান্তজন হ'ল এগৰাকী যুৱতী ৷ মুম্বাই ভ্ৰমণ কৰিছিল যুৱতীগৰাকীয়ে ৷ মুম্বাইৰ পৰা বিমানেৰে তেওঁ ঘূৰি অহাৰ পাছত তেওঁৰ লগতে তেওঁৰ পিতৃ আৰু ভগ্নীক গৃহ একাষৰীয়াকৰণ (হ'ম কোৱাৰেণ্টিন)কৰা হয় ৷ পাছত যুৱতীগৰাকীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ তাৰ পাছতে উক্ত স্থানক জিলা প্ৰশাসনে নিয়মানুসৰি কণ্টেইলমেণ্ট জ'ন ঘোষণা কৰে ৷ কিন্তু সম্প্ৰতি এই হাউছিং কমপ্লেক্সৰ বাসিন্দাসকলে খোৱাপানীৰ অভাৱত ভোগা বুলি অভিযোগ উত্থাপন কৰিছে ৷ এই অভিযোগ কৰি স্থানীয় এজন ব্যক্তিয়ে কয়, " আমাৰ ইয়াত ৩২০টা পৰিয়ালে বাস কৰে। গতিকে অন্ততঃ এহেজাৰ মানুহ ইয়াত আছে ৷ কিন্তু যোৱা তিনিদিন ধৰি আমি পানী পোৱা নাই ৷ গতিকে হুলস্থুলীয়া পৰিৱেশ সৃষ্টিৰ আশংকা আছে ৷ কালি আমাৰ এই স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হয় ৷প্ৰশাসনে আমাৰ এই সমস্যা সমাধানৰ ব্যৱস্থা কৰা নাই ৷ " ব্যক্তিজনে পুনৰ কয় যে স্থানীয় ৰাজহ চক্ৰ বিষয়াই সমস্যা সমাধানৰ মাথোঁ প্ৰতিশ্ৰুতিহে দিছে ৷ উল্লেখ্য যে কালি গুৱাহাটীৰ চাৰিটা নতুন স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হয় ৷
আৰু পঢ়িব পাৰেঃ তৈল ক্ষেত্ৰত অগ্নিকাণ্ডঃ বাঘজানত স্থানীয় লোকৰ প্ৰতিবাদ