চুটি কাপুৰ পৰিধান কৰাৰ বাবে ছাত্ৰীক পৰীক্ষা দিবলৈ নিদিয়াক লৈ প্ৰতিক্ৰিয়া

সেইমৰ্মে তেওঁ সেই স্থানত উপস্থিত হৈ তেওঁৰ কন্যাৰ বাবে এযোৰ দীঘল পেণ্ট কিনিবলৈ যায়।
চুটি কাপুৰ পৰিধান কৰাৰ বাবে ছাত্ৰীক পৰীক্ষা দিবলৈ নিদিয়াক লৈ প্ৰতিক্ৰিয়া

এই অসম মুলুকৰে এক আজব কাণ্ড। বৃহস্পতিবাৰে তেজপুৰত হাফ - পেণ্ট পৰিধান কৰি যোৱাৰ বাবেই এগৰাকী ছাত্ৰীক পৰীক্ষা দিবলৈ যাবলৈ অনুমতি প্ৰদান নকৰিলে  শিক্ষানুষ্ঠান কৰ্তৃপক্ষই।

 কালি ৰাজ্যজুৰি অনুষ্ঠিত হয় ৰাজ্যিক কৃষি মহাবিদ্যালয়ৰ বাছনি পৰীক্ষা। গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাকিউটিকেল ছায়েন্স, তেজপুৰত অনুষ্ঠিত হোৱা এই বাছনি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ ৰূপত উপস্থিত হয় এগৰাকী ছাত্ৰী, তেওঁৰ পিন্ধনত এটি স্পৰ্টিং আৰু এযোৰ হাফ - পেণ্ট। আৰু তাৰ পাছতেই তেওঁক পোছাক জনিত সমস্যা দেখুৱাই পৰীক্ষা কেন্দ্ৰলৈ সোমোৱাৰ অনুমতি প্ৰদান নকৰিলে এগৰাকী কৰ্তৃপক্ষই। এই ঘটনাৰ পাছতেই ছাত্ৰীগৰাকীয়ে নিজৰ দেউতাকক ফোন কৰে। সেইমৰ্মে তেওঁ  সেই স্থানত উপস্থিত হৈ তেওঁৰ কন্যাৰ বাবে এযোৰ দীঘল পেণ্ট কিনিবলৈ যায়। কিন্তু দেউতাক আহি পোৱাৰ আগেয়েই কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক এখন পৰ্দা প্ৰদান কৰে আৰু সেইখন পিন্ধিয়েই তেওঁ পৰীক্ষাত বহে।

আনহাতে, ছাত্ৰীগৰাকীয়ে দাবী কৰে যে পৰীক্ষাৰ কিছু ক্ষণ আগেয়ে এনে পৰিস্থিতি সৃষ্টি কৰি কৰ্তৃপক্ষই তেওঁৰ ওপৰত কিছু অপ্ৰয়োজনীয় চাপৰ সৃষ্টি কৰে। তেওঁ কয় যে পৰীক্ষাৰ প্ৰমাণপত্ৰত পোছাকজনিত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা হোৱা নাছিল। ছাত্ৰীগৰাকীৰ পিতৃয়েও কৰ্তৃপক্ষই তেওঁৰ কইনাৰ সৈতে অন্যায় কৰা বুলি দোষাৰোপ কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com