মৰ্মন্তুদঃ ঝাৰখণ্ডত ক'ৰ'নাই প্ৰাণ ল'লে এটা পৰিয়ালৰ ছজনৰ

মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহে যে বৃদ্ধাগৰাকী ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছিল।
মৰ্মন্তুদঃ ঝাৰখণ্ডত ক'ৰ'নাই প্ৰাণ ল'লে এটা পৰিয়ালৰ ছজনৰ

ঝাৰখণ্ডত সংঘটিত এক মৰ্মন্তুদ ঘটনাই সমগ্ৰ দেশবাসীক শোকাহত কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি ক'ৰ'না মহামাৰীত ঝাৰখণ্ডৰ ধানবাদৰ এটা পৰিয়ালৰ ৬জন সদস্যৰ এইপৰ্যন্ত মৃত্যু ঘটিছে। তদুপৰি মৃত্যুৰে যুঁজিছে পৰিয়ালটোৰ সপ্তমজন সদস্যই। প্ৰথমে পৰিয়ালটোৰ মুৰব্বী মহিলাগৰাকী এই মহামাৰীত মৃত্যুমুখত পৰে। মাতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পাছত আটাইকেইজন পুত্ৰ সংক্ৰমিত হৈ পৰে আৰু এজন এজনকৈ পাঁচজন পুত্ৰৰ ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। আনহাতে, ষষ্ঠজন পুত্ৰৰ অৱস্থা সংকটজনক। সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ আছে।

চৰকাৰী তথ্য অনুসৰি মাত্ৰ ১৫দিনৰ ভিতৰতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ ফলত পৰিয়ালটোৰ ছজন সদস্যৰ মৃত্যু হৈছে। সম্ভৱতঃ দেশত এইটো এনেধৰণৰ প্ৰথম ঘটনা।

উল্লেখ্য যে যোৱা ৪জুলাইত ৮৮বছৰীয়া মাতৃৰ বোকাৰোৰ এখন নাৰ্ছিং হোমত মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহে যে বৃদ্ধাগৰাকী ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতে তেওঁৰ এজন পুত্ৰৰ মৃত্যু ৰাঁচীৰ ৰিমছ কোভিড হাস্পতালত হয়।

ইয়াৰ কিছুদিন পিছতে দ্বিতীয়জন পুত্ৰৰো মৃত্যু হয়। ইয়াৰ পিছতে পৰিয়ালটোত মৃত্যুৰ কিৰিলি উঠে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com