ক'ৰ'নাঃ অসমৰ মাথোঁ ৮শতাংশৰহে পৰীক্ষা সম্পন্ন

যদি ক’ৰ’না প্ৰতিৰোধৰ নীতি-নিয়মাৱলী প্ৰতিজন ব্যক্তিয়েই সঠিকভাবে মানি নচলে, তেন্তে স্বাস্থ্যজনিত দুৰ্যোগৰ আশংকা প্ৰবল ৷
ক'ৰ'নাঃ অসমৰ মাথোঁ ৮শতাংশৰহে পৰীক্ষা সম্পন্ন

ক'ৰ'না মহামাৰীয়ে সৰ্বত্ৰে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ তৎসত্বেও ৰাজ্যৰ মুঠ জনসংখ্যাৰ মাথোঁ ৮ শতাংশৰহে নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ বৰ্তমানে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা এক লাখ ২৮ হেজাৰৰো অধিক ৷ ২৫লাখ নমুনা পৰীক্ষণৰ অন্তত এইসকল লোকৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ কিন্তু বৰ্তমানলৈকে ৰাজ্যৰ মুঠ জনসংখ্যাৰ মাথোঁ ৮শতাংশৰহে নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়ে স্বাস্থ্যজনিত দুৰ্যোগৰ আশংকা প্ৰকট কৰিছে। যদি ক'ৰ'না প্ৰতিৰোধৰ নীতি-নিয়মাৱলী প্ৰতিজন ব্যক্তিয়েই  সঠিকভাবে মানি নচলে বা জীৱনশৈলীত পৰিণত নকৰে, তেন্তে স্বাস্থ্যজনিত দুৰ্যোগৰ আশংকা প্ৰবল ৷

এই সম্পৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকে কয়, " যদি আঠ শতাংশ পৰীক্ষণতে ১.২৮লাখ ব্যক্তিৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে, তেন্তে ভাবি চাওক ৫০শতাংশ বা ততোধিক লোকৰ নমুনা পৰীক্ষা কৰিলে অৱস্থা কেনে হ'ব পাৰে ৷ আগন্তক দিনত আক্ৰান্ত ব্যক্তিৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধিৰ আশংকা আছে ৷ আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি অসম হৈছে ক'ৰ'না আক্ৰান্ত চিনাক্ত দেশৰ সপ্তমখন ৰাজ্য। যোৱা এক ছেপ্টেম্বৰত অসমত ২৫, ৯৪৮জন এক্টিভ ক'ৱিড-১৯পজিটিভ ব্যক্তি আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com