ক'ৰ'নাঃ ১৫শতাংশ অৱনমিত হ'ল ৰাজ্যৰ অৰ্থনীতি !

কিন্তু সম্পূৰ্ণ ক্ষয়-ক্ষতিৰ তথ্য নিৰূপণৰ বাবে আৰু দুমাহৰ পৰা তিনি মাহৰ সময়ৰ প্ৰয়োজন হ’ব বুলি মন্ত্ৰীজনে কয় ৷
ক'ৰ'নাঃ ১৫শতাংশ অৱনমিত হ'ল ৰাজ্যৰ অৰ্থনীতি !

ক'ৰ'না মহামাৰী আৰু এই মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধৰ ফলত ৰাজ্যৰ অৰ্থনীতি ১৫ শতাংশ অৱনমিত হৈছে ৷ এই তথ্য বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মঙলবাৰে বিধানসভাত বিত্ত মন্ত্ৰী শৰ্মাই কয় যে ক'ৰ'না মহামাৰীয়ে ৰাজ্যৰ অৰ্থনীতিৰ ক্ষতিসাধন কৰিছে ৷ কিন্তু সম্পূৰ্ণ ক্ষয়-ক্ষতিৰ তথ্য নিৰূপণৰ বাবে আৰু দুমাহৰ পৰা তিনি মাহৰ সময়ৰ প্ৰয়োজন হ'ব বুলি মন্ত্ৰীজনে কয় ৷

তেওঁ পুনৰ কয় যে ২০২১ত বৰ্তমানৰ শোচনীয় অৱস্থাৰ উন্নতি সাধন হ'ব ৷ মন্ত্ৰী শৰ্মাৰ মতে, ক'ৰ'না মহামাৰী আৰু তলাবন্ধৰ ফলত সৃষ্ট অৱস্থাৰ মাজতো ৰাজ্য চৰকাৰে আৰ্থিক ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ এইবুলিও কয় যে ব্যয় সংকোচনৰ কঠোৰ নীতি শিথিল কৰি ৰাজ্য চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ন কৰিবলৈ অগ্ৰসৰ হৈছে ৷

অহা ১৫ অক্টোবৰৰ ভিতৰত বিধায়কসকললৈ স্থানীয় অঞ্চল উন্নয়ন পুঁজি মোকলাই দিয়া হ'ব বুলিও মন্ত্ৰীজনে সদৰী কৰে ৷ লক্ষ্যণীয় যে SITA-ই অলপতে দাখিল কৰা প্ৰতিবেদখনক মন্ত্ৰী শৰ্মাই মাথোঁ বিদ্যায়তনিক কাৰ্য বুলি আখ্যা দিয়ে ৷ এই প্ৰতিবেদন প্ৰায়োগিক দিশৰ পৰি প্ৰস্তুত কৰা নহয় বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে ৷ উল্লেখ্য যে SITAৰ উক্ত প্ৰতিবেদন অনুসৰি ক'ৰ'না মহামাৰীৰ ফলত ৰাজ্যত ২৭লক্ষাধিক যুৱতী-যুৱতীৰ সংস্থাপন নাথাকিব বুলি SITAই উক্ত প্ৰতিবেদনত উল্লেখ কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com