হাফলং অসামৰিক হাস্পতালৰ ক'ৰ'নাবিৰোধী যুঁজাৰুসকলক সম্বৰ্ধনা স্বাস্থ্য মন্ত্ৰীৰ

এই জটিল সময়ত যুটীয়া সঞ্চালক, অধীক্ষক, চিকিত্সক, নাৰ্ছ আদিয়ে ৰোগীৰ প্ৰতি প্ৰশংসনীয় সেৱা আগবঢ়াই আহিছে
হাফলং অসামৰিক হাস্পতালৰ ক'ৰ'নাবিৰোধী যুঁজাৰুসকলক সম্বৰ্ধনা স্বাস্থ্য মন্ত্ৰীৰ

হাফলং অসামৰিক হাস্পতালৰ ক'ৰ'নাবিৰোধী যুঁজাৰুসকলক সম্বৰ্ধনা স্বাস্থ্য মন্ত্ৰীৰ

ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধিৰ সময়ত চিকিত্সক আৰু স্বাস্থ্যকৰ্মীসকলক অনুপ্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ অংশস্বৰূপে মঙলবাৰে স্বাস্থ্য মন্ত্ৰীগৰাকী হাফলং অসামৰিক হাস্পতালত উপস্থিত হৈ হাস্পতালখনৰ চিকিত্সক, নাৰ্ছ, ৱাৰ্ড বয় আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলক গামোছাৰে সম্বৰ্ধনা জনায়। ক'ৰ'না মহামাৰীবিৰোধী যুঁজৰ এই যুঁজাৰুসকলক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়," এই হাস্পতালত আন্তঃগাঁথনিগত বহু সমস্যা আছে।কিন্তু এনে সমস্যাক আওকাণ কৰি এই জটিল সময়ত যুটীয়া সঞ্চালক, অধীক্ষক, চিকিত্সক, নাৰ্ছ আদিয়ে ৰোগীৰ প্ৰতি প্ৰশংসনীয় সেৱা আগবঢ়াই আহিছে"। তেওঁ লগতে কয় যে ডিমা হাছাওত ৰোগীৰ সংখ্যা বৃদ্ধি পালে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হ''ব।

ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী শৰ্মাই সদৰী কৰে যে ডিফু মেডিকেল কলেজক ভাৰতীয় মেডিকেল গৱেষণা পৰিষদ(আই চি এম আৰ)-এ ক'ৰ'না পৰীক্ষাগাৰৰূপে স্বীকৃতি দিছে। এই সম্পৰ্কত  স্বাস্থ্য মন্ত্ৰী শৰ্মাই আৰু কয়, " সুখী অনুভৱ কৰিছো যে নতুন দিল্লীস্থিত আই চি এম আৰে ডিফু মেডিকেল কলেজক ক'ৰ'নাৰ সংক্ৰমণ ধৰা নমুনা পৰীক্ষণ পৰীক্ষাগাৰৰূপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে অসমৰ আটাইকেইখন তথা সাত মেডিকেল কলেজেই ক'ৰ'নাৰ নমুনা পৰীক্ষণ পৰীক্ষাগাৰত পৰিণত হ'ল"। আনহাতে, স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি অসমত যোৱা ৭ জুনলৈকে ১,৫৩, ৩২৬টা ক'ৰ'নাৰ নমুনা পৰীক্ষণ সম্পন্ন কৰা হৈছে। বিমানকোঠত ৬৪,১৪৫ যাত্ৰীৰ পৰীক্ষণ কৰা হৈছে। তদুপৰি ৰাজ্যৰ বিভিন্ন স্থানত ৫, ৮০,১৭৮জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইপিনে, গুৰুতৰভাবে আক্ৰান্ত ৰোগীক চিকিত্সাৰ বাবে ব্যৱস্থা কৰা বিছনাৰ সংখ্যা কিছুদিন আগলৈকে ৩,৩৩৮ খন আছিল। ইয়াৰ উপৰি চৰকাৰী হাস্পতালত ৫৯৫টা জৰুৰী কালীন কক্ষ(আই চি ইউ)ৰ ব্যৱস্থা আছে। বেচৰকাৰী হাস্পতালসমূহত ৩৮৯টা ভেণ্টিলেটৰ আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com