ক্ৰমে অসমত হ্ৰাস পাবলৈ ধৰিছে ক'ৰ'নাৰ সংক্ৰমণঃ মন্ত্ৰী শৰ্মা

উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ উপৰি অসমতো ক’ৰ’নাত মৃতৰ আক্ৰান্তৰ হাৰ সৰ্বনিম্ন। অসমত এই হাৰ ০.২৫ শতাংশ বুলি মন্ত্ৰীজনে মন্তব্য কৰে।
ক্ৰমে অসমত হ্ৰাস পাবলৈ ধৰিছে ক'ৰ'নাৰ সংক্ৰমণঃ মন্ত্ৰী শৰ্মা

ক্ৰমে অসমত হ্ৰাস পাবলৈ ধৰিছে মহামাৰী সৃষ্টিকাৰী ক'ৰ'নাৰ সংক্ৰমণ। আজি এখন সংবাদমেলত এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে অসমত ক'ৰ'না আক্ৰান্তৰ ৰৈখিক চিত্ৰৰ ক্ৰমে অৱনমন ঘটিছে। মিজোৰাম, নগালেণ্ড, ছিকিম আদি উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ উপৰি অসমতো ক'ৰ'নাত মৃতৰ আক্ৰান্তৰ হাৰ সৰ্বনিম্ন। অসমত এই হাৰ ০.২৫ শতাংশ বুলি মন্ত্ৰীজনে মন্তব্য কৰে।

তেওঁ লগতে কয় যে ৰাজ্যৰ স্বাস্থ্য বিভাগে নিতৌ ৫০ হেজাৰতকৈ অধিক ক'ৰ'নাৰ নমুনা পৰীক্ষা কৰি আছে। ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, আৰু কামৰূপৰ দুয়োখন জিলাৰ লগতে শিলচৰত ক'ৰ'না আক্ৰান্তৰ সংখ্যা সৰ্বাদিক বুলি মন্ত্ৰীজনে সদৰী কৰে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com