ক'ৰ'নিলঃ প্ৰচাৰ বন্ধ কৰি পটঞ্জলীক সবিশেষ জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

পটঞ্জলীয়ে উদ্ভাৱন কৰা এই ঔষধবিধৰ নাম ক’ৰ’নিল ৷
ক'ৰ'নিলঃ প্ৰচাৰ বন্ধ কৰি পটঞ্জলীক সবিশেষ জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ
Published on

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছ নাশক ঔষধ উদ্ভাৱন কৰা বুলি যোগগুৰু বাবা ৰামদেৱৰ পটঞ্জলী প্ৰতিষ্ঠানে চলোৱা প্ৰচাৰে আজি সমগ্ৰ দিন ধৰি ব্যাপক চৰ্চা লাভ কৰে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠানটোক প্ৰচাৰ বন্ধ কৰি উদ্ভাৱন কৰা ক'ৰ'না প্ৰতিৰোধক ঔষধবিধৰ সবিশেষ জনাবলৈ পটঞ্জলীলৈ নিৰ্দেশ জাৰি কৰিছে ৷ পটঞ্জলীয়ে উদ্ভাৱন কৰা এই ঔষধবিধৰ নাম ক'ৰ'নিল ৷ কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ে আজি পটঞ্জলীলৈ এই নিৰ্দেশ জাৰি কৰি যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালে ঔষধবিধৰ সবিশেষ জনাবলৈ নিৰ্দেশ দিছে ৷ এক জাননীত আয়ুস মন্ত্ৰালয়ে ঔষধ গঠন বা উপাদানৰ বিষয়ে জনাবলৈ নিৰ্দেশ দিছে । তদুপৰি ক'ত গৱেষণা কৰি এই ষষধ উদ্ভাৱন কৰিলে, সেই বিষয়েও জনাবলৈ প্ৰতিষ্ঠানটোক আয়ুস মন্ত্ৰালয়ে নিৰ্দেশ দিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com