অসমত আৰু এজন ক'ৰ'না আক্ৰান্তৰ মৃ্ত্যু

অসমত আৰু এজন ক'ৰ'না আক্ৰান্তৰ মৃ্ত্যু

দেৱনাথৰ মৃত্যুৰ লগে লগে অসমত ক'ৰ'না মহামাৰীত মৃতৰ সংখ্যা ৩৪লৈ বৃদ্ধি পাইছে।
Published on

অসমত আৰু এজন ক'ৰ'না আক্ৰান্তৰ মৃ্ত্যু হ'ল। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আজি নিচেই পুৱা এজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু হয়। মৃত লোকজনৰ নাম নৃপেন দেৱনাথ। ৫৫ বছৰীয়া দেৱনাথ জি এম চি এইচৰ আই চি ইউত চিকিত্সাধীন হৈ আছিল। তেওঁৰ বৃক্কৰো অসুখ আছিল। দেৱনাথৰ মৃত্যুৰ লগে লগে অসমত ক'ৰ'না মহামাৰীত মৃতৰ সংখ্যা ৩লৈ বৃদ্ধি পাইছে। উল্লেখ্য যে কালি শুকুৰবাৰে ৰাজ্যত সৰ্বাধিক আঠজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু হয়। এই আঠজন মৃতৰ অন্যতম হৈছে অসম আৰক্ষীৰ হাবিলদাৰ হৰেশ্বৰ নাথ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com