ক'ৰ'নাঃ জনজাগৰণৰ ব্যাপক কাৰ্যসূচী চৰকাৰৰ

স্বাস্থ্য বিভাগে অহা ২৮-ৰ পৰা ৩০ছেপ্টেম্বৰলৈ তিনিটা পৰ্যায়ত দুই লক্ষৰো অধিক পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য লৈছে ৷
ক'ৰ'নাঃ জনজাগৰণৰ ব্যাপক কাৰ্যসূচী চৰকাৰৰ

ক'ৰ'না মহামাৰী সম্পৰ্কীয় ব্হুল সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এক ব্যাপক কাৰ্যসূচী হাতত লৈছে। আজি বুধবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীয়েই হৈছে ৰাজ্যত ক'ৱিড সজাগতা সম্পৰ্কীয় ব্যাপক কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ ক্ষেত্ৰত মূল গুৰুত্ব দিয়া হ'ব ক'ৰ'না পৰীক্ষাৰ ক্ষেত্ৰত ৷ সকলোকে স্বেচ্ছাই ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনোৱা হ'ব ৷ একেদৰে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে বান্ধি দিয়া নীতি-নিয়মসমূহ সকলোকে মানি চলিবলৈ আহ্বান জনোৱা হ'ব ৷

উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য বিভাগে অহা ২৮-ৰ পৰা ৩০ছেপ্টেম্বৰলৈ তিনিটা পৰ্যায়ত দুই লক্ষৰো অধিক পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য লৈছে ৷ এই গণ জাগৰণ কাৰ্যসূচীত বয়সস্থ ব্যক্তি, ১০বছৰ বয়সৰ তলৰ শিশু আৰু আন জটিল ৰোগত আক্ৰান্ত ব্যক্তিক মূল গুৰুত্ব আৰোপ কৰা হ'ব ৷

এই জনসজাগতা সৃষ্টিত এন জি অ', অৰুণোদয় সহায়ক-সহায়িকা, আত্মসহায়ক গোট,গাঁও অনাময় আৰু পৰিপুষ্টি সমিতি, জি এন এম আদিক জড়িত কৰা হ'ব ৷ এনেদৰে ৰাজ্যত ক'ৰ'না মহামাৰী বিৰোধী যুঁজখন প্ৰবল কৰি তুলিব বিচৰা হৈছে ৷ এই কাৰ্যসূচীৰ জৰিয়তে ক'ৰ'না পৰীক্ষা কৰোৱা লোকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com