ডিফুৰ ক'ৰ'না আক্ৰান্ত স্কুল অধ্যক্ষৰ গুৱাহাটীত মৃত্যু

যোৱা ১ আগষ্টত তেওঁৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
ডিফুৰ ক'ৰ'না আক্ৰান্ত স্কুল অধ্যক্ষৰ গুৱাহাটীত মৃত্যু
Published on

ডিফুৰ ক'ৰ'না আক্ৰান্ত স্কুল অধ্যক্ষৰ গুৱাহাটীত মৃত্যু

ৰাজ্যত আৰু এজন ক'ৰ'না আক্ৰান্তই প্ৰাণ হেৰুৱালে। প্ৰাপ্ত তথ্য অনুসৰি ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ বেঞ্জামিন টেৰাং ক'ৰ'না আক্ৰান্ত আছিল। যোৱা নিশা তেওঁৰ গুৱাহাটীৰ হায়াত হাস্পতালত মৃত্যু হয়। যোৱা ১ আগষ্টত তেওঁৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। অসুস্থতাৰ বাবে তেওঁক ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল।

তাত কৰা পৰীক্ষাত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তেওঁৰ অৱস্থা ক্ৰমে অধিক শোচনীয় হ'বলৈ ধৰে। অৱশেষত যোৱা নিশা তেওঁৰ গুৱাহাটী হায়াত হাস্পতালত মৃত্যু হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com