ক'ৰ'না মহামাৰীঃ ঘৰে ঘৰে গৈ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ যো-জা অসম চৰকাৰৰ

ঘৰে ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰাৰ আঁচনি লৈছে ।
ক'ৰ'না মহামাৰীঃ ঘৰে ঘৰে গৈ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ যো-জা অসম চৰকাৰৰ

ক'ৰ'না মহামাৰী প্ৰতিৰোধঃ ঘৰে ঘৰে গৈ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ যো-জা অসম চৰকাৰৰ

ৰাজ্যতো ক্ৰমে সংক্ৰমণ বৃদ্ধি পোৱা ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য অসম চৰকাৰে অধিক ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ইয়াৰ অংশস্বৰূপে চৰকাৰে ঘৰে ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰাৰ আঁচনি লৈছে ।দেওবাৰে ইয়াৰ ইংগিত দি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " আজি ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তসকলৰ সৈতে এক পৰিস্থিতি পুনৰীক্ষণ ভিডিঅ' কনফাৰেন্সত মিলিত হওঁ। আলোচনা কালত প্ৰতিৰোধৰ বাবে লোৱা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে জুকিয়াওঁ ।এনে পদক্ষেপৰ অন্যতম হৈছে ঘৰে ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰা"৷ উল্লেখ্য যে ৰাজ্যত ক'ৱিড-১৯আক্ৰান্ত লোকৰ সংখ্যা ৬২জনলৈ বৃদ্ধি পাইছে ৷

আনহাতে, শুকুৰবাৰৰ লৈকে ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত পাঁচজনকৈ ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় ৷ ইয়াৰ পাছতে মহানগৰীলৈ নামি আহিছে আতংক ৷ যোৱা সোমবাৰে তলা-বন্ধৰ নীতি-নিয়ম চৰকাৰে কিছু শিথিল কৰাত মহানগৰীলৈ পূৰ্বৰ প্ৰাত্যাহিকতা কিছু পৰিমাণে ঘূৰি আহে ৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত দোকান-পোহাৰ খোলাৰ লগতে বহু লোক কাম-কাজলৈ ওলাই আহে ৷ কিন্তু বৃহস্পতিবাৰে নিশাৰ পৰা ইজনৰ পাছত সিজনকৈ মুঠ পাঁচজন লোক ক'ৰ'নাত আক্ৰান্ত হোৱাত আতংকই ছানি ধৰিছে মহানগৰীক ৷ বহু লোকে পুনৰ সম্পূৰ্ণ তলাবন্ধ দাবী কৰিছে ৷ এনে অৱস্থাতে শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনায় ।সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে ৰাইজ আতংকিত হোৱা উচিত নহয়। কিন্তু সকলোৱে সজাগ আৰু সতৰ্ক হোৱা উচিত।

অৱশ্যে মন্ত্ৰীজনে কয় যে গুৱাহাটীত ক'ৰ'নাত আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰলৈ ভ্ৰমণত যোৱা নাছিল। গতিকে তেওঁলোকৰ শৰীৰলৈ গুৱাহাটীতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ঘটে বুলি মন্ত্ৰীজনে সন্দেহ প্ৰকাশ কৰে। উল্লেখ্য যে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ এজন চিকিত্সক তথা স্নাতকোত্তৰ মহলাৰ ছাত্ৰও ক'ৰ'নাত আক্ৰান্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মেডিকেল কলেজখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰসহ ৯ জন চিকিত্সকক কোৱাৰাণ্টাইন কৰা হৈছে

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com